পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা

পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা। দেওবাৰে পুৱাৰ ভাগত দিল্লীৰ বিভিন্ন অঞ্চলত বায়ু মান সুচকাংক ৫০০লৈ বৃদ্ধি পায়। অক্ষৰধাম আৰু আনন্দ বিহাৰ অঞ্চলত বায়ুৰ গুণগতমান আছিল ৫৩২। ৰাজধানী চহৰখনৰ অন্যান্য অঞ্চলতো বায়ু গুণগতমান আছিল ৩০০ৰ পৰা ৪০০লৈকে। দীপাৱলীৰ পিছতে দিল্লীৰ বিভিন্ন অঞ্চলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ উদ্বিগ্ন হৈ পৰিছে দিল্লী প্ৰশাসন। ৰাজধানী চহৰখনৰ বায়ুৰ গুণগত মান ইমানেই নিম্ন হৈ পৰিছে যে ইয়াক ইতিমধ্যে অতি বিপদজনক আখ্যা দিছে পৰিৱেশবিদসকলে। ইয়াৰ লগে লগে যমুনা নদী ঢাকি ধৰিছে ফেনৰ আৱৰণে।

নদীৰ বুকুলৈ যেন নামি আহিছে শুভ্ৰ মেঘ। চট পূজাৰ পূৰ্বে যমুনা নৈৰ এই ভয়াৱহ ৰূপ দেখি চিন্তিত হৈ পৰিছে প্ৰশাসন। নৈৰ বুকুৰ পৰা ফেনসমূহ নাইকীয়া কৰিবলৈ স্প্ৰে কৰা হৈছে ৰাসায়নিক পদাৰ্থ। যমুনা নৈ পৰিস্কাৰ কৰাৰ বাবে এটা পৃথক গোট গঠন কৰিছে দিল্লী জল বোৰ্ডে। পৰিৱেশবিদসকলে প্ৰকাশ কৰা মতে, ৰাজধানী দিল্লীকে ধৰি কাষৰীয়া অঞ্চলসমূহত থকা বিভিন্ন কাৰখানাৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থসমূহ যমুনা নৈৰ পানীত মিহলি হোৱাৰ বাবে এই ফেনৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বেও যমুনানৈৰ বুকুত এনে বগা ফেনৰ আৱৰণ দেখা গৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...