সুদীৰ্ঘ ২১ বছৰৰ মূৰত ভাৰতীয় সুন্দৰীৰ শিৰত মিছ ইউনিভাৰ্ছৰ মুকুট

ভাৰতৰ সুন্দৰীয়ে অৰ্জন কৰিলে বিশ্বৰ শীৰ্ষ সৌন্দৰ্য প্ৰতিযোগিতা মিছ ইউনিভাৰ্ছৰ খিতাপ। পঞ্জাৱৰ হাৰনাজ সান্ধুৱে পিন্ধিলে এই মুকুট। সুদীৰ্ঘ ২১টা বছৰৰ মূৰত এই খিতাপ লাভ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় সুন্দৰীয়ে।

২০০০ চনত লাৰা দত্তই এই খিতাপ লাভ কৰাৰ পিছত পঞ্জাৱৰ সুন্দৰী হাৰনাজ সান্ধুৱে এইবাৰ দখল কৰিবলৈ সক্ষম হ’ল মিছ ইউনিভাৰ্ছৰ সন্মান। ইজৰাইলৰ এলিয়াটত অনুষ্ঠিত হোৱা ৭০সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি ২১ বছৰীয়া হাৰনাজ সান্ধুৱে পাৰাগুৱেৰ নাদিয়া ফেৰেইৰা আৰু দক্ষিণ আফ্ৰিকাৰ লেলেলা চাৱানেক পৰাজিত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয়। ২০২০ৰ মিছ ইউনিভাৰছ দক্ষিণ আফ্ৰিকাৰ এণ্ড্ৰিয়া মেজাই হাৰনাজৰ শিৰত পিন্ধাই দিয়ে মিছ ইউনিভাৰ্ছৰ মুকুট।

ইয়াৰ পূৰ্বে ১৯৯৪ চনত সুস্মিতা সেন আৰু ২০০০ ত লাৰা দত্তই দখল কৰিবলৈ সক্ষম হৈছিল মিছ ইউনিভাৰ্ছৰ সন্মান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...