এছিয়ান গেম্ছত ভাৰতৰ স্বৰ্ণ পদকৰ সংখ্যা দুটালৈ বৃদ্ধি

এছিয়ান গেম্ছৰ দ্বিতীয় দিনা শ্বুটিং, ক্ৰিকেট আদিত ভাৰতীয় খেলুৱৈৰ সুপ্ৰদৰ্শনৰ ফলত ভাৰতে পদক তালিকাত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল আৰু মহিলা ক্ৰিকেটত স্বৰ্ণপদক দখল কৰিবলৈ সক্ষম হৈছে। স্বৰ্ণপদক প্ৰাপ্ত ভাৰতীয় দলত আছে অসমৰ উমা চেত্ৰী।

এছিয়ান গেম্ছত ভাৰতৰ স্বৰ্ণ পদকৰ সংখ্যা দুটালৈ বৃদ্ধি
ভাৰতীয় মহিলা ক্ৰিকেট দলে শ্ৰীলংকাক হৰুৱাই দখল কৰে স্বৰ্ণ পদক
ভাৰতীয় মহিলা ক্ৰিকেট দলত আছিল অসমৰ উমা চেত্ৰী
শ্বুটিঙত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত যোগেদি প্ৰথমটো স্বৰ্ণ ভাৰতৰ
স্বৰ্ণ দখলৰ পথত ভাৰতীয় দলে ভংগ কৰে বিশ্ব অভিলেখ
ঐশ্বৰ্যই ১০ মিটাৰ এয়াৰ ৰাইফলৰ একক শাখাত লাভ কৰে ব্ৰঞ্জৰ পদক
টেনিছত ভাৰতৰ বিপৰ্যয়, বাহিৰ হ’ল ৰোহন বাপান্না-য়ুকি ভাম্বৰী যুটি


এইবাৰৰ এছিয়ান গেমছত ভাৰতৰ বাবে প্ৰথমটো স্বৰ্ণ দখল কৰিলে ৩ শ্বুটাৰ ৰুদ্ৰাক্ষ বালা চাহেব পাটিল, দিব্যাংশ সিং পানোৱাৰ আৰু ঐশ্বৰ্য প্ৰতাপ সিঙে। তিনিওগৰাকীয়ে বিশ্ব অভিলেখ সৃষ্টি কৰি ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত দখল কৰিলে স্বৰ্ণ।

মুঠ ১৮৯৩.৭ পইণ্টেৰে বিশ্ব অভিলেখ ভাৰতীয় দলৰ
পূৰ্বে ১৮৯৩.৩ পইণ্টেৰে বিশ্ব অভিলেখ আছিল চীনৰ দখলত
এইবাৰ ভাৰতৰ পিছত ৰূপ আৰু ব্ৰঞ্জ জয় কৰিলে দক্ষিণ কোৰিয়া আৰু চীনে
ঐশ্বৰ্যই ১০ মিটাৰ এয়াৰ ৰাইফলৰ একক শাখাত লাভ কৰে ব্ৰঞ্জৰ পদক
ভাৰতীয় শ্বুটাৰ আদৰ্শ সিং, আনিছ ভিনৱালা, বিজয় বীৰ সিঙে ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টলত লাভ কৰে ব্ৰঞ্জৰ পদক।


ইফালে ভাৰতীয় মহিলা ক্ৰিকেট দলে শ্ৰীলংকাক হৰুৱাই এছিয়ান গে্মছত চেম্পিয়ন ৰূপে স্বৰ্ণ পদক দখল কৰিছে। ভাৰতীয় দলটোৱে শ্ৰীলংকাক ১৯ ৰানত পৰাভূত কৰি ভাৰতৰ বাবে দ্বিতীয়টো স্বৰ্ণ পদক নিশ্চিত কৰে। ভাৰতে প্ৰথমে বেট ধৰি ৭ উইকেটত ১১৬ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। প্ৰত্যুত্তৰত শ্ৰীলংকাই ৮ উইকেটত ৯৭ ৰানতে ইনিংছ সামৰে। ভাৰতীয় দলৰ তিতাছ সাধুৱে ৪ অভাৰত ৬ ৰান দি ৩টাকৈ উইকেট দখল কৰে।

ভাৰতীয় দলত আছিল অসমৰ উমা চেত্ৰী
মূল একাদশত নাছিল যদিও একাদশ খেলুৱৈ হিচাপে দলত অন্তৰ্ভুক্ত উমা
টেনিছত ভাৰতৰ বিপৰ্যয়, বাহিৰ হ’ল ৰোহন বাপান্না, য়ুকি ভাম্বৰী


এছিয়ান গেম্ছৰ টেনিছৰ শীৰ্ষ বাছনিপ্ৰাপ্ত আছিল ৰোহন বাপান্না আৰু য়ুকি ভাম্বৰী। কিন্তু এই যুটিক উজবেকিস্তানৰ ছাৰ্গে ফমিন আৰু খুময়ুন চুলতানভ যুটিয়ে অনায়াসে পৰাস্ত কৰে। ইফালে ৰোয়িঙত ভাৰতে দুটা ব্ৰঞ্জৰ পদক দখল কৰে। সোমবাৰে নিশালৈ সাঁতোৰ, বক্সিং আদি ইভেণ্টত কেইবাখনো গুৰুত্বপূৰ্ণ খেলত অংশ ল’ব ভাৰতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...