সীতাংশু কোটকে বেটিঙৰ প্ৰশিক্ষণ দিব বিৰাট-ৰোহিতক…

BCCIৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দলৰ বেটিং শক্তিশালী কৰাৰ লক্ষ্যৰে BCCIয়ে অচিৰেই নিযুক্তি দিব এগৰাকী নতুন বেটিং প্ৰশিক্ষকক। সীতাংশু কোটকক ভাৰতীয় দলৰ নতুন বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা। ইয়াৰ পূৰ্বে সীতাংশু কোটকে ভাৰত A দলৰ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। লগতে ঘৰুৱা ক্ৰিকেটত সৌৰাষ্ট্ৰৰ প্ৰশিক্ষক হিচাপেও আগবঢ়াইছে তেওঁ সেৱা।

ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক T20 আৰু এদিনীয়া শৃংখলাৰ বাবে সীতাংশুক ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হ’ব। উল্লেখ্য যে, সীতাংশু কোটকক সৌৰাষ্ট্ৰৰ অন্যতম কিংবদন্তি বেটছমেন হিচাপে বিবেচনা কৰা হয়। বাওঁহতীয়া এই বেটাৰগৰাকীয়ে ১৩০ খন প্ৰথম শ্ৰেণীৰ মেচত ১৫টা শতকৰ সহায়ত ৮০৬১ ৰান সংগ্ৰহ কৰিছিল। কেৱল এয়াই নহয়, লিষ্ট এ ক্ৰিকেটতো তেওঁ ৪২তকৈ অধিক গড়ে ৩০৮৩ ৰান সংগ্ৰহ কৰে।

২০২০ চনত ৰঞ্জী ট্ৰফীত সীতাংশু সৌৰাষ্ট্ৰৰ মুখ্য প্ৰশিক্ষক আছিল আৰু এই ছিজনত সৌৰাষ্ট্ৰ ৰঞ্জী চেম্পিয়ন হৈছিল। আনহাতে ২০১৯ চনত ৰাহুল দ্ৰাবিড় ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী হোৱাৰ পিছত তেওঁৰ স্থানত সীতাংশু কোটকক ইণ্ডিয়া এৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। এতিয়া তেওঁ ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক হিচাপে দায়িত্ব বহন কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...