সীতাংশু কোটকে বেটিঙৰ প্ৰশিক্ষণ দিব বিৰাট-ৰোহিতক…

BCCIৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দলৰ বেটিং শক্তিশালী কৰাৰ লক্ষ্যৰে BCCIয়ে অচিৰেই নিযুক্তি দিব এগৰাকী নতুন বেটিং প্ৰশিক্ষকক। সীতাংশু কোটকক ভাৰতীয় দলৰ নতুন বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা। ইয়াৰ পূৰ্বে সীতাংশু কোটকে ভাৰত A দলৰ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। লগতে ঘৰুৱা ক্ৰিকেটত সৌৰাষ্ট্ৰৰ প্ৰশিক্ষক হিচাপেও আগবঢ়াইছে তেওঁ সেৱা।

ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক T20 আৰু এদিনীয়া শৃংখলাৰ বাবে সীতাংশুক ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হ’ব। উল্লেখ্য যে, সীতাংশু কোটকক সৌৰাষ্ট্ৰৰ অন্যতম কিংবদন্তি বেটছমেন হিচাপে বিবেচনা কৰা হয়। বাওঁহতীয়া এই বেটাৰগৰাকীয়ে ১৩০ খন প্ৰথম শ্ৰেণীৰ মেচত ১৫টা শতকৰ সহায়ত ৮০৬১ ৰান সংগ্ৰহ কৰিছিল। কেৱল এয়াই নহয়, লিষ্ট এ ক্ৰিকেটতো তেওঁ ৪২তকৈ অধিক গড়ে ৩০৮৩ ৰান সংগ্ৰহ কৰে।

২০২০ চনত ৰঞ্জী ট্ৰফীত সীতাংশু সৌৰাষ্ট্ৰৰ মুখ্য প্ৰশিক্ষক আছিল আৰু এই ছিজনত সৌৰাষ্ট্ৰ ৰঞ্জী চেম্পিয়ন হৈছিল। আনহাতে ২০১৯ চনত ৰাহুল দ্ৰাবিড় ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী হোৱাৰ পিছত তেওঁৰ স্থানত সীতাংশু কোটকক ইণ্ডিয়া এৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। এতিয়া তেওঁ ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক হিচাপে দায়িত্ব বহন কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...