তিনিটা ভাৰতীয় প্ৰতিষ্ঠানৰ ওপৰত থকা নিষেধাজ্ঞা প্রত্যাহাৰ আমেৰিকাৰ

ড’নাল্ড ট্রাম্পে অহা ২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপত লোৱাৰ আগে আগে দেশখনৰ বিদায়ী ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্রশাসনে তিনিটা ভাৰতীয় প্ৰতিষ্ঠানৰ ওপৰত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিছে। প্রতিষ্ঠান তিনিটা হৈছে- ইণ্ডিয়ান ৰেয়াৰ আৰ্থছ (আই আৰ ই), ইন্দিৰা গান্ধী পৰমাণু গৱেষণা কেন্দ্ৰ (আই জি চি এ আৰ) আৰু ভাবা পৰমাণু গৱেষণা কেন্দ্ৰ (বাৰ্ক)। শীতল যুদ্ধৰ সময়ছোৱাতেই আৰোপিত এই নিষেধাজ্ঞা প্রত্যাহাৰৰ ফলত শক্তি সহযোগিতা অত্যাধুনিক কৰি তোলাত অহা বাধা হ্রাস কৰি আমেৰিকা বিদেশ নীতিসমূহক সহায় কৰিব।

ইয়াৰ ভিতৰত থকা যুটীয়া গৱেষণা আৰু উন্নয়ন, বিজ্ঞান আৰু প্রযুক্তি সহযোগিতাই শক্তি সুৰক্ষাৰ প্ৰয়োজন আৰু লক্ষ্য নিশ্চিত কৰিব। এই কথা বাণিজ্য মন্ত্ৰ্যালয়ৰ ব্যুৰ’ অব্ ইণ্ডাষ্ট্রি এণ্ড ছিকিউৰিটি (বি আই এছ)-এ বুধবাৰে কয়। অলপতে ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভেনে কৈছিল যে ভাৰতীয় পাৰমাণৱিক শক্তি খণ্ড আৰু আমেৰিকাৰ কোম্পানীসমূহৰ মাজত সমন্বয়ত বাধা দিয়া নির্দেশনাসমূহ আমেৰিকাই আঁতৰ কৰিব। এই ঘোষণাৰ পাছত ১৬ বছৰ আগতে ভাৰত-আমেৰিকাৰ মাজত স্বাক্ষৰিত পাৰমাণবিক চুক্তিৰ ৰূপায়ণ মসৃণ কৰি তুলিব বুলি আশা প্রকাশ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...