গৰ্ভৱতী মহিলাৰ বাবে ২১ হাজাৰ টকাৰ সাহায্য

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আন আন দল সমূহৰ লগতে বিজেপিয়েও গ্রহণ কৰিছে নির্বাচনী তৎপৰতা। দলটো ক্ষমতালৈ আহিলে গৰ্ভৱতী মহিলাৰ বাবে ২১ হাজাৰ টকা, মহিলা ভোটাৰক প্ৰতিমাহে ২৫০০ টকা, এল পি জি চিলিণ্ডাৰৰ বাবে ৫০০ টকাৰ ৰাজসাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ ‘সংকল্প পত্ৰ’ মুকলি কৰি বিজেপিৰ সভাপতি জে পি নড্ডাই আয়ুষ্মান ভাৰতৰ অধীনত ৫ লাখ টকাৰ অতিৰিক্ত কভাৰৰ কথাও ঘোষণা কৰে – সাধাৰণতে কেন্দ্ৰৰ বীমা আঁচনিৰ অধীনত প্ৰতি বছৰে প্ৰতিটো পৰিয়ালত ৫ লাখ টকাৰ স্বাস্থ্য কভাৰ প্ৰদান কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...