বৃহৎ সামুদ্রিক শক্তি হোৱাৰ দিশত ভাৰত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে মুস্থাৰ নৌ সেনা বাহিনীৰ পোতাশ্রয়ত ৩খন আগশাৰীৰ জাহাজ ক্রমে আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশিৰক নৌ সেনা বাহিনীত অন্তর্ভুক্ত কৰে। এই জাহাজকেই খনৰ অন্তর্ভুক্তিয়ে দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহক শক্তিশালী কৰি তুলিব আৰু আত্মনিৰ্ভৰ ভাৰত উদ্যমক গতি প্রদান কৰিব বুলি আশা কৰা হৈছে। যুদ্ধ জাহাজ তিনিখন প্ৰতিৰক্ষা নিৰ্মাণ আৰু সামুদ্রিক সুৰক্ষাৰ ক্ষেত্ৰত বিশ্ব নেতৃত্ব ৰূপে পৰিগণিত হোৱাৰ দেশৰ সপোন বাস্তৱায়িত কৰাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে বিবেচিত হৈছে। নীলগিৰি শীৰ্ষক জাহাজখন সহজে ৰাডাৰৰ নিৰীক্ষণৰ আওতালৈ নাহে। একেদৰে, অত্যাধ্যূনিক সা-সুবিধাৰে সু-সজ্জিত চুৰাট নামৰ যুদ্ধ জাহাজখন আৰ্হি আৰু সামর্থ্যৰে যথেষ্ট উন্নত। অত্যাধুনিক বিমান পৰিবহণ সুবিধাৰে সু-সজ্জিত নীলগিৰি আৰু চুৰাট জাহাজ দুখনৰ দিন আৰু নিশাৰ ভাগত অভিযান চলাবৰ বাবে বিভিন্ন ধৰণৰ হেলিকপ্টাৰ সঞ্চালনৰ সুবিধা আছে। ৱাঘশিৰ জাহাজখন বিশ্বৰ বহুমুখী ডিজেল বিদ্যুৎ ছাবমেৰিনসমূহৰ ভিতৰত অন্যতম। অনুষ্ঠানত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰত এক বৃহৎ সামুদ্রিক শক্তি হ’বলৈ আগবাঢ়িছে। মোদীয়ে লগতে কয় যে এটা মুক্ত, সুৰক্ষিত আৰু সমৃদ্ধ ভাৰত-প্রশান্ত মহাসাগৰ অঞ্চলৰ প্ৰতি ভাৰতৰ সমৰ্থন সদায় আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...