ট্রাম্পৰ হোটেলৰ বাহিৰত সংঘটিত চাইবাৰট্ৰাক বিস্ফোৰণৰ পৰিকল্পনাত ব্যৱহাৰ হৈছিল AI

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছত নৱবৰ্ষৰ দিনটোত ট্রাম্পৰ হোটেলৰ বাহিৰত সংঘটিত টেছলা চাইবাৰট্রাক আক্ৰমণৰ ঘটনাত ChatGPT ব্যৱহাৰ হৈছিল। AIৰ জৰিয়তে প্রথমবাৰৰ বাবে আমেৰিকাৰ ভূখণ্ডত এনে আক্রমণ সংঘটিত হোৱাৰ বাতৰি সদৰী কৰিছে আৰক্ষীয়ে। লাছ ভেগাছৰ আৰক্ষীয়ে উক্ত বিস্ফোৰণৰ পাছত সদৰী কৰা মতে টেছলাৰ ট্রাকখন বিস্ফোৰিত হোৱাৰ পূর্বে ৩৭ বছৰীয়া মেথিউ লাইভেলছবাৰ্গাৰ নামৰ এজন লোকে নিজকে গুলীয়াইছে। উক্ত আক্রমণত বিস্ফোৰণ সন্দৰ্ভত তথ্য লাভৰ বাবে AI চাটবোট ব্যৱহাৰ কৰা হৈছে। আৰক্ষীৰ অনুসন্ধান অনুসৰি লাইভেলছবার্গাৰে আন কোনো লোকক হত্যাৰ লক্ষ্য হিচাপে লোৱা নাছিল। নৱবৰ্ষৰ দিনটোত তেওঁ ভাৰাত লোৱা টেছলাৰ গাড়ীখনত নিজকে গুলীয়াই দিয়াৰ পাছত গাড়ীখনত থকা ইন্ধনৰ কন্টেইনাৰ আৰু আতচবাজীসমূহ বিস্ফোৰিত হয়। এই ঘটনাত সাতজন লোক সামান্যভাৱে আহত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...