ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ব আন্দামান-নিকোবৰৰ জাৰৱা সম্প্রদায়ৰ

আন্দামান আৰু নিকোবৰ দ্বীপসমূহৰ অন্যতম বৈশিষ্ট্য হৈছে জাৰৱা সম্প্রদায়ৰ লোকসকল। আধুনিক বিশ্বত আদিম জীৱনশৈলীৰে বাস কৰা এই জাৰৱা সম্প্রদায়ৰ লোকসকলক শেহতীয়াভাৱে আন্দামান আৰু নিকোবৰ দ্বীপসমূহৰ প্ৰশাসনে প্রদান কৰিছে ভোটাৰ পৰিচয়পত্র। পূর্বে গণবিচ্ছিন্ন আৰু হিংসাত্মক ৰূপ ধাৰণ কৰা এই জাৰৱা সম্প্রদায়ৰ ১৯ জন সদস্যক ভোটাৰ পৰিচয়পত্র দিছে আন্দামান আৰু নিকোবৰ দ্বীপসমূহৰ প্রশাসনে। এই প্রশাসনৰ মুখ্য সচিব চন্দ্রভূষণ কুমাৰে দক্ষিণ আন্দামান জিলাৰ জিৰকাটেঙৰ জাৰৱা সম্প্ৰদায়ৰ আৱাসিক ক্ষেত্রত তেওঁলোকৰ ১৯ জন লোকৰ হাতত অর্পণ কৰে পৰিচয়পত্র। দক্ষিণ আন্দামান জিলাৰ নিৰ্বাচনী বিষয়া অর্জুন শর্মাই ব্যক্ত কৰা মতে তেওঁলোকে জাৰৱাসকলৰ ব্যক্তি স্বাধীনতা সুৰক্ষিত ৰখাৰ ব্যৱস্থা কৰি এই পৰিচয়পত্র প্রদান কৰিছে। ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাত এই সম্প্ৰদায়ৰ লোকক এনেদৰে ভোটাধিকাৰ প্ৰদান কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ পদক্ষেপে ৰূপে বিবেচিত হয়। তেওঁলোকক এনেদৰে ভোটাধিকাৰ প্ৰদান কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত কৰাব বিচৰাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে আন্দামান আদিম জনজাতি বিকাশ সমিতিয়ে। উল্লেখ্য যে আন্দামানৰ দক্ষিণ আৰু মধ্যভাগৰ দ্বীপসমূহৰ পশ্চিম উপকূলত বাস কৰে এই জাৰৱা সম্প্ৰদায়ৰ লোক। গণবিচ্ছিন্ন হৈ থকা এই সম্প্রদায়ে ১৯৯৬ চনৰ এপ্রিল মাহৰ বহির্জগতৰ সৈতে সংযোগ স্থাপন কৰিছিল। ২১ বছৰীয়া এনমে নামৰ জাৰৱা যুৱক এজন গুৰুতৰভাবে আহত হোৱাৰ পাছত তেওঁক প্রশাসনে চিকিৎসা প্রদান কৰিছিল। সুস্থ হৈ উঠাত তেওঁক পুনৰ তেওঁলোকৰ আবাসিক অঞ্চললৈ প্ৰেৰণ কৰা হৈছিল। এতিয়াও বহির্জগতৰ পৰা বিচ্ছিন্ন হৈ থাকি ভাল পায় এই সম্প্রদায়ৰ লোকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...