ভাৰতে ৰাছিয়াৰ পৰা তেল কিনি পুনৰ বিক্ৰী কৰিছে! ৱাশ্বিংটনৰ দাবী, নতুন দিল্লীৰ এই কাৰ্য গ্ৰহণযোগ্য নহয়…

ভাৰতৰ বিৰুদ্ধে ৰাছিয়াৰ পৰা সস্তাত তেল কিনি পুনৰ বিক্ৰীৰ অভিযোগ! ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ অৰ্থ সচিব স্কট বেছেণ্টে এটা সাক্ষাৎকাৰত এই দাবী উত্থাপন কৰিছে। তেওঁৰ মতে,  ইউক্ৰেইন যুদ্ধৰ সময়ত ভাৰতে ৰাছিয়াৰ পৰা তেল কিনাৰ পৰিমাণ বৃদ্ধি কৰিছে আৰু তাৰ ফলত লাভৱানো হৈছে। মাৰ্কিন অৰ্থ সচিবে জনোৱা মতে, নতুন দিল্লীৰ এই পদক্ষেপক ৱাশ্বিংটনে অগ্ৰহণযোগ্য বুলি বিবেচনা কৰে।

বেছেণ্টে ইউক্ৰেইন যুদ্ধৰ আগৰ আৰু পিছৰ ৰাছিয়াৰ সৈতে ভাৰতৰ ইন্ধন সম্পৰ্কীয় ব্যৱসায়ৰ পৰিসংখ্যা উত্থাপন কৰি কয় যে, ভাৰতে আমদানি কৰা তেলৰ ৪২শতাংশ এতিয়া ৰাছিয়াৰ পৰা আহে। ইউক্ৰেইন যুদ্ধৰ পূৰ্বে ভাৰতে মাত্ৰ এক শতাংশ তেল ৰাছিয়াৰ পৰা কিনিছিল। তেওঁ আৰু জানিবলৈ দিয়ে যে, ৰাছিয়াৰ দীৰ্ঘদিনীয়া তেলৰ ক্ৰেতা চীনে যুদ্ধৰ সময়ত তেল কিনাৰ পৰিমাণ মাত্ৰ তিনি শতাংশ বৃদ্ধি কৰিছে।

‘চি এন বি চি’ সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত বেছেণ্টে কয়, “ভাৰত সদায় লাভৰ সন্ধানত থাকে। ৰাছিয়াৰ পৰা সস্তাতে তেল কিনি তাক পুনৰ বিক্ৰী কৰিছে। এই কাৰ্যক স্বেচ্ছাচাৰী বুলি ক’ব পাৰি, যিটো কেতিয়াও গ্ৰহণযোগ্য নহয়।” যদিও এই অভিযোগৰ প্ৰতি ভাৰত চৰকাৰৰ পৰা এতিয়ালৈ কোনো মন্তব্য পোৱা নাই।

শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ মাজত কূটনৈতিক সংঘাতৰ সৃষ্টি হৈছে, যাৰ অন্যতম কাৰণ ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্ক। বিগত তিনি বছৰ ধৰি চলি থকা ৰুছ-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ পদক্ষেপ লৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁৰ অভিযোগ, ভাৰতৰ সৈতে ব্যৱসায়ৰ লাভাংশ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ কৰিছে। মস্কোৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখাৰ বাবে নতুন দিল্লীৰ ওপৰত ট্ৰাম্পে উচ্চ হাৰত শুল্ক আৰোপ কৰিছে।

এই কূটনৈতিক সংঘাতৰ মাজতে আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে বৈঠক কৰিছে। ট্ৰাম্পৰ মতে, এই শুল্ক আৰোপৰ ফলতেই সম্ভৱতঃ পুটিন বৈঠকৰ বাবে ৰাজি হৈছে। তেওঁ দাবী কৰিছে যে, অতিৰিক্ত শুল্কৰ জৰিয়তে তেওঁ ভাৰতক ৰাছিয়াৰ পৰা তেল কিনাৰ পৰা আঁতৰাই ৰাখিবলৈ সক্ষম হৈছে। কিন্তু নতুন দিল্লীৰ পৰা এনে কোনো তথ্য প্ৰকাশ্যে জনোৱা হোৱা নাই যে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰিছে। বৰং, ভাৰত চৰকাৰৰ সূত্ৰৰ দাবী, নতুন দিল্লীয়ে ৰাছিয়াৰ পৰা তেল কিনা অব্যাহত ৰাখিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...