এইবাৰ চৰকাৰৰ টাৰ্গেটত অনলাইন গেমিং! ৪ লাখ কোম্পানী, ২ লাখ কৰ্মচাৰী বিপদত!

ভাৰত চৰকাৰে অনলাইন গেমিঙৰ সৈতে জড়িত এখন বিধেয়ক লোকসভাত উত্থাপন কৰিবলৈ সাজু হৈছে। এই ধৰণৰ খেলৰ প্ৰচাৰৰ ওপৰতো জৰিমনা আৰোপ হ’ব পাৰে। মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই ‘দ্য প্ৰমোশ্যন এণ্ড ৰেগুলেশ্যন অৱ অনলাইন গেমিং বিল, ২০২৫’-ৰ অনুমোদন জনাইছে। বুধবাৰে এই বিধেয়ক সংসদত উত্থাপন কৰিব পাৰে। এই খবৰে ভাৰতৰ অনলাইন গেমিং কোম্পানীসমূহক চিন্তাত পেলাইছে। বিশেষজ্ঞসকলৰ মতে, এই বিধেয়ক যদি আইনত পৰিণত হয়, তেন্তে ভাৰতৰ গেমিং উদ্যোগৰ ভৱিষ্যৎ ধ্বংসৰ মুখলৈ যাব।

বিগত কেইবছৰমান ধৰি ভাৰতত গেমিং উদ্যোগক এটা উদীয়মান ক্ষেত্ৰ হিচাপে গণ্য কৰা হৈছে। অনলাইন গেমত বাজি লগোৱাৰ ক্ষেত্ৰত প্ৰতি মাহে গড়ে ১০ হাজাৰ কোটি টকাৰ লেনদেন হয়। ফলত শেহতীয়া বছৰবোৰত এই উদ্যোগত বহুতো সৰু-বৰ কোম্পানী কাঠফুলাৰ দৰে গজি উঠিছে। বিশেষজ্ঞসকলৰ মতে, এনে আইন বলৱৎ হ’লে নিশাৰ ভিতৰতেই বহু কোম্পানী ক্ষতিৰ সন্মুখীন হ’ব। প্ৰায় দুই লাখ লোকে নিজৰ চাকৰি হেৰুৱাব পাৰে। ইয়াৰ উপৰিও ২৫,০০০ কোটি টকাৰ বিনিয়োগ ক্ষতিৰ মুখলৈ গ’লে বছৰি প্ৰাপ্ত ২০,০০০ কোটি টকাৰ জিএছটিও আদায় নহ’ব।

ভাৰতৰ অন্যতম শীৰ্ষ গেমিং কোম্পানীৰ এগৰাকী উচ্চপদস্থ বিষয়াই ‘টাইমছ অৱ ইণ্ডিয়া’ সংবাদ মাধ্যমক কয়, “যদি এই বিধেয়ক আইনত পৰিণত হয়, তেন্তে আমাৰ হাত তুলি দিয়াৰ বাহিৰে আন কোনো উপায় নাথাকিব। আচৰিত কথা এই যে, চৰকাৰে বিভিন্ন বিষয়ত আমাৰ সৈতে নিয়মিতভাৱে আলোচনা কৰে, কিন্তু এনে এটা প্ৰস্তাৱৰ বিষয়ে কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই!”

কেন্দ্ৰৰ এই সিদ্ধান্তই ফেণ্টাচি স্প’ৰ্টছ গেমিং কোম্পানীসমূহৰ ভৱিষ্যতকো প্ৰশ্নৰ সন্মুখীন কৰিছে। যদিও এই কোম্পানীসমূহৰ বেছিভাগেই দাবী কৰে যে, তেওঁলোকে বাজি লগোৱা, টকাৰ অপব্যৱহাৰ বা অবৈধ জুৱাৰ দৰে কোনো ‘অবৈধ কাৰ্যকলাপ’ত জড়িত নহয়। ফেণ্টাচি গেমিঙত টকাৰ লেনদেন হয়, কিন্তু পৰোক্ষভাৱে। এনে খেলত প্ৰথমে সামান্য টকাৰ বিনিময়ত জনপ্ৰিয় তাৰকা বা খেলুৱৈৰ তালিকা তৈয়াৰ কৰিব লাগে। সেই খেলুৱৈসকলে বাস্তৱত কি ফলাফল পায়, তাৰ ওপৰত ভিত্তি কৰি টকাৰ লেনদেন হয়। জয়ী হ’লে লাখ লাখ টকাৰ পুৰস্কাৰৰ সুযোগ থাকে। এইটোক প্ৰত্যক্ষভাৱে ‘জুৱা’ বুলি ক’ব নোৱাৰি। এম পি এল আৰু ড্ৰীম ১১ এনে ধৰণৰ কোম্পানী। কেন্দ্ৰৰ এই সিদ্ধান্তৰ ফলত এই কোম্পানীসমূহো বিপদৰ সন্মুখীন হ’ব পাৰে। যদিও সংবাদ সংস্থা ৰয়টাৰ্ছৰ তৰফৰ পৰা ড্ৰীম ১১ আৰু এম পি এলৰ সৈতে যোগাযোগ কৰা হৈছিল, তথাপিও এই বিষয়ত কোনো মন্তব্য তেওঁলোকে প্ৰকাশ কৰা নাই। এতিয়ালৈকে কেন্দ্ৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ তৰফৰ পৰাও এই বিষয়ে বিশদ তথ্য প্ৰকাশ কৰা হোৱা নাই।

ব্ৰিটেইন, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশতো অনলাইন গেমিং অতি জনপ্ৰিয়। কিন্তু তাৰ সৈতে জড়িত কঠোৰ নিয়ম-কানুন আছে। কে ৱাই চি, বিজ্ঞাপন আৰু প্ৰচাৰৰ বাবে নানা নিৰ্দেশনা পালন কৰিলেহে ব্যৱসায়ৰ লাইচেন্স পোৱা যায়। ফলত অনলাইন গেমিঙৰ ওপৰত নিষেধাজ্ঞা জাৰি নকৰি বিকল্প ব্যৱস্থাৰ কথা চিন্তা কৰাৰ পৰামৰ্শও দিছে বহুতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...