সঠিকভাৱে খোজ কাঢ়িব নোৱাৰে, কথাও ক’ব পৰা নাই তেওঁ; প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিক লৈ ক্ৰীড়ামহলত পুনৰ উদ্বেগ

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিৰ শাৰীৰিক অৱস্থাৰ বিষয়ে নতুনকৈ উদ্বেগৰ সৃষ্টি হৈছে। তেওঁ ঠিকমতে খোজ কাঢ়িব নোৱাৰাৰ লগতে কথাও স্পষ্টভাৱে ক’ব পৰা নাই। তেওঁৰ ভাতৃ বীৰেন্দ্ৰই জনাইছে যে, যোৱা বছৰৰ ২১ ডিচেম্বৰত অসুস্থ হোৱা কাম্বলিক থানেৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ মূত্ৰনলীত সংক্ৰমণ ধৰা পৰিছিল। কিছুদিন হাস্পতালত থকাৰ পিছত তেওঁক যাবলৈ দিয়া হৈছিল যদিও তেওঁৰ চিকিৎসা এতিয়াও চলি আছে। ঘৰতেই তেওঁৰ প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। যদিও তেওঁৰ সমস্যা আগৰ তুলনাত কমিছে, তথাপিও তেওঁ এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই। তেওঁ ঠিকমতে কথা ক’ব নোৱাৰে আৰু বান্দ্ৰাৰ ঘৰতেই তেওঁৰ চিকিৎসা চলি আছে।

এক সাক্ষাৎকাৰত বীৰেন্দ্ৰই কয়, “দাদা এতিয়া ঘৰত আছে। আগৰ তুলনাত বহুখিনি স্থিতিশীল। কথা কোৱাত এতিয়াও অলপ সমস্যা হৈ আছে। সম্পূৰ্ণ সুস্থ হ’বলৈ এতিয়াও কিছু সময় লাগিব। কিন্তু মোৰ দাদা এজন চেম্পিয়ন। তেওঁ নিশ্চিতভাৱে স্বাভাৱিক আৰু সুস্থ জীৱনলৈ ঘূৰি আহিব। মই আশা কৰিছো, কিছুদিনৰ পিছত তেওঁ স্বাভাৱিকভাৱে খোজ কাঢ়িব পাৰিব, হয়তো দৌৰিবও পাৰিব। মোৰ দাদাৰ ওপৰত মোৰ পূৰ্ণ বিশ্বাস আছে। মই আশা কৰো, আপোনালোকে তেওঁক পুনৰ খেলপথাৰত দেখা পাব।”

কাম্বলিক হাস্পতালত কিয় ভৰ্তি কৰোৱা হৈছিল, সেই বিষয়ে বীৰেন্দ্ৰই কয়, “১০ দিনৰ এটা ৰিহেব প্ৰক্ৰিয়া আছিল। তেওঁৰ গোটেই শৰীৰ পৰীক্ষা কৰা হৈছিল। মগজুৰ স্কেন কৰা হৈছিল আৰু মূত্ৰনলীৰ সংক্ৰমণৰ পৰীক্ষাও কৰা হৈছিল। সকলো পৰীক্ষাৰ ফলাফল মোটামুটি ভাল। এতিয়া সমস্যা বহুত কমিছে। কিন্তু তেওঁ এতিয়াও ঠিকমতে খোজ কাঢ়িব নোৱাৰে। চিকিৎসকে ফিজিঅ’থেৰাপিৰ পৰামৰ্শ দিছে। দাদা ধীৰে ধীৰে সুস্থ হৈ উঠিছে। মই সকলোকে অনুৰোধ কৰিছো, দাদাৰ বাবে প্ৰাৰ্থনা কৰক। তেওঁৰ কাষত থাকক। তেওঁৰ বাবে আপোনালোকৰ ভালপোৱা আৰু সমৰ্থনৰ প্ৰয়োজন।”

যোৱা বছৰৰ ডিচেম্বৰত বহুদিনৰ পিছত কাম্বলিক এটা অনুষ্ঠানত  দেখা গৈছিল। প্ৰয়াত ক্ৰিকেট প্ৰশিক্ষক ৰমাকান্ত আচৰেকৰৰ এটা স্মৃতিসৌধৰ উদ্বোধনী অনুষ্ঠানত তেওঁৰ দুই প্ৰিয় ছাত্ৰ কাম্বলি আৰু শচীন তেণ্ডুলকাৰ আমন্ত্ৰিত আছিল। শচীনে নিজৰ বাল্যবন্ধুৰ ওচৰলৈ গৈ কথাও পাতিছিল। কিন্তু সেই অনুষ্ঠানত কাম্বলিক দেখি স্পষ্ট হৈছিল যে, তেওঁ গুৰুতৰভাৱে অসুস্থ।

পিছত জনা যায় যে, কাম্বলি কেৱল শাৰীৰিকভাৱেই নহয়, আৰ্থিকভাৱেও সংকটৰ মাজত আছে। তেওঁৰ সহায়ৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ, ৰাজনৈতিক নেতাসহ বহুতো লোক আগবাঢ়ি আহিছিল। তাৰ পিছতেই কাম্বলিক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

ভাৰতৰ হৈ কাম্বলিয়ে ১৭খন টেষ্ট আৰু ১০৪খন এদিনীয়া মেচ খেলিছে। কিন্তু উচ্ছৃংখল জীৱন-যাপনৰ বাবে তেওঁ ক্ৰিকেটৰ জগতৰ পৰা আঁতৰি যাবলগীয়া হৈছিল। তেওঁক কেইবাবাৰো স্বাভাৱিক জীৱনলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰা হৈছিল যদিও কোনো সুফল পোৱা নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...