ৰাষ্ট্ৰীয় উদ্যানৰ মাজতে বেয়া হ’ল পৰ্যটকৰ গাড়ী; সুযোগ বুজি পলায়ন জীপ চালকৰ

ৰাজস্থানৰ ৰণথম্ভৌৰ ৰাষ্ট্ৰীয় উদ্যানৰ ঘন অৰণ্যৰ মাজত এখন মুকলি গাড়ীত ২০ গৰাকী পৰ্যটকৰ সৈতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত গাড়ীখন অৰণ্যৰ মাজত হঠাৎ বিকল হৈ পৰে। পৰ্যটকসকলক অকলশৰীয়াকৈ বিপদৰ মাজলৈ থেলি গাইডজনে সুযোগ বুজি পলায়ন কৰে।

অৰণ্যৰ মাজত মোবাইল নেটৱৰ্ক নথকাৰ বাবে কাৰোৰে সৈতে যোগাযোগ কৰাৰ কোনো উপায় নাছিল। অন্ধকাৰ নামি অহাৰ লগে লগে পৰ্যটকসকলৰ মনত ভয়ৰ সঞ্চাৰ হয়। বাঘৰ উপস্থিতিৰ আশংকাত বেছি শব্দ কৰাও সম্ভৱ নাছিল। ৭ মাহৰ শিশু এটিৰ কান্দোনত সকলো আতংকিত হৈ পৰিছিল, যদিও পিতৃ-মাতৃয়ে কোনোমতে শিশুটিক শান্ত কৰিবলৈ চেষ্টা কৰিছিল। প্ৰায় দুঘণ্টা ধৰি এই ২০গৰাকী পৰ্যটকে অৰণ্যৰ মাজত অসুৰক্ষিত অৱস্থাতে কটায়।

অৱশেষত, অৰণ্যৰ লুংলুঙীয়া পথত আন এখন গাড়ী দেখা পোৱাৰ পিছত পৰ্যটকসকলে সহায় বিচাৰে। কিন্তু সেই গাড়ীত এজনতকৈ অধিক লোকৰ বাবে ঠাই নাছিল। সকলোৰে সিদ্ধান্তমৰ্মে এজন পৰ্যটকক সহায় বিচাৰিবলৈ পঠিওৱা হয়। তেওঁ উদ্যানখনৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ কৰ্তৃপক্ষক ঘটনাৰ বিষয়ে জনাওঁতে কোনো সহায় নাপায়। দায়িত্বত থকা কৰ্মচাৰীসকলে এই কাম তেওঁলোকৰ দায়িত্বত নপৰে বুলি জনায়।

প্ৰায় ৮মান বজাত উদ্ধাৰকাৰী দল এটা আবদ্ধ হৈ থকা পৰ্যটকসকলৰ কাষত উপস্থিত হয়। নতুন গাড়ীৰে তেওঁলোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। কিন্তু উভতি অহাৰ পথতো বিপদৰ শেষ নাছিল। অন্ধকাৰৰ মাজত উদ্ধাৰকাৰী দলৰ গাড়ীৰ হেডলাইট বিকল হৈ পৰে। চালকে এখন হাতেৰে ষ্টীয়াৰিং ধৰি আৰু আনখন হাতেৰে টৰ্চ জ্বলাই কোনোমতে পৰ্যটকসকলক অৰণ্যৰ পৰা বাহিৰ কৰি আনে।

ৰণথম্ভৌৰ ৰাষ্ট্ৰীয় উদ্যানৰ দৰে বিখ্যাত অৰণ্যৰ ছাফাৰী ব্যৱস্থাৰ ওপৰত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। এই অৰণ্য ৭০টা বাঘ আৰু ১৩০টা চিতাবাঘৰ বাসস্থান। বন বিভাগৰ এগৰাকী ঊৰ্ধ্বতন বিষয়াই জনোৱা মতে, এই ঘটনাৰ তদন্ত আৰম্ভ হৈছে। এই ঘটনাত তিনিজন কেণ্টাৰ চালক আৰু গাইডক নিলম্বন কৰা হৈছে।

ৰণথম্ভৌৰ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান পৰ্যটক আৰু বনকৰ্মীৰ ব্যৱহাৰৰ বাবে ২৬৯খন জিপচি আৰু ২৮৭টা কেণ্টাৰ আছে। কিন্তু অভিযোগ অনুসৰি, এই গাড়ীসমূহৰ প্ৰায়বোৰৰ অৱস্থা জৰাজীৰ্ণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...