এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে ভাৰতে। দেশৰ পদকৰ যাত্ৰাত বিশেষ ভাৱে উজলি উঠিল উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা খেলুৱৈসকল। বক্সিং ৰিঙৰ পৰা ভাৰোত্তোলনৰ মঞ্চ, উশ্বুৰ পৰা হকীলৈ। নিজ নিজ ক্ষেত্ৰত দাঙি ধৰিলে অনবদ্য প্ৰদৰ্শন।

অসমৰ বক্সিং তাৰকা লাভলীনা বৰগোহাঁইৰ পৰা মণিপুৰৰ সাইখোম মীৰাবাই চানু আৰু ৰোশিবিনা দেৱীলৈ, লগতে মিজোৰামৰ হকী খেলুৱৈসকললৈ—উত্তৰ-পূৰ্বাঞ্চলৰ এই ক্ৰীড়াবিদসকলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলাই তুলিলে অঞ্চলটোৰ নাম।

তেওঁলোকৰ এই সাফল্য কেৱল পদক জয়ৰ কাহিনী নহয়। কঠোৰ পৰিশ্ৰম, ত্যাগ, আত্মবিশ্বাস আৰু অদম্য মানসিক শক্তিৰে দেশক প্ৰতিনিধিত্ব কৰা এই ‘ছুপাৰগাৰ্ল’সকল এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ অগণন যুৱতীৰ বাবে প্ৰেৰণাৰ প্ৰতীক।

এছিয়ান গেমছৰ মঞ্চত ভাৰতৰ সাফল্যৰ আঁৰত উত্তৰ-পূৰ্বাঞ্চলৰ এই কন্যাসকলৰ অৱদান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...