এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে ভাৰতে। দেশৰ পদকৰ যাত্ৰাত বিশেষ ভাৱে উজলি উঠিল উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা খেলুৱৈসকল। বক্সিং ৰিঙৰ পৰা ভাৰোত্তোলনৰ মঞ্চ, উশ্বুৰ পৰা হকীলৈ। নিজ নিজ ক্ষেত্ৰত দাঙি ধৰিলে অনবদ্য প্ৰদৰ্শন।

অসমৰ বক্সিং তাৰকা লাভলীনা বৰগোহাঁইৰ পৰা মণিপুৰৰ সাইখোম মীৰাবাই চানু আৰু ৰোশিবিনা দেৱীলৈ, লগতে মিজোৰামৰ হকী খেলুৱৈসকললৈ—উত্তৰ-পূৰ্বাঞ্চলৰ এই ক্ৰীড়াবিদসকলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলাই তুলিলে অঞ্চলটোৰ নাম।

তেওঁলোকৰ এই সাফল্য কেৱল পদক জয়ৰ কাহিনী নহয়। কঠোৰ পৰিশ্ৰম, ত্যাগ, আত্মবিশ্বাস আৰু অদম্য মানসিক শক্তিৰে দেশক প্ৰতিনিধিত্ব কৰা এই ‘ছুপাৰগাৰ্ল’সকল এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ অগণন যুৱতীৰ বাবে প্ৰেৰণাৰ প্ৰতীক।

এছিয়ান গেমছৰ মঞ্চত ভাৰতৰ সাফল্যৰ আঁৰত উত্তৰ-পূৰ্বাঞ্চলৰ এই কন্যাসকলৰ অৱদান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত...

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত...