যুদ্ধ আৰু বিশ্বজোৰা অস্থিৰতাৰ মাজতো ভাৰতে অৰ্জন কৰিলে ৭.৮ শতাংশ বিকাশৰ হাৰ: প্ৰধানমন্ত্ৰী মোদী

বিশ্বজুৰি চলি থকা সংঘাত, যুদ্ধ আৰু অস্থিৰতাৰ মাজতো ভাৰতীয় অৰ্থনীতিয়ে চলিত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত আশাতীতভাৱে ৭.৮ শতাংশ জিডিপি (GDP) বিকাশৰ হাৰ অৰ্জন কৰাত দেশবাসীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমযোগে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১৪০ কোটি নাগৰিকৰ যৌথ সংকল্প আৰু প্ৰচেষ্টাৰ ফলতেই এই গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰাটো সম্ভৱ হৈছে। ২০২০ চনৰ ক’ভিড মহামাৰীৰ পিছৰে পৰা সমগ্ৰ বিশ্বত কোনো স্থিৰতা নথকাৰ উপৰিও পশ্চিম এছিয়াৰ যুদ্ধ আৰু শক্তি বজাৰৰ ব্যাঘাতৰ পাছতো ভাৰতে নিজৰ অৰ্থনৈতিক দৃঢ়তা প্ৰদৰ্শন কৰি দ্ৰুতগতিত অগ্ৰসৰ হৈছে বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ ভিতৰত একাংশ লোকে নেতিবাচকতা আৰু অসত্য প্ৰচাৰ কৰাৰ চেষ্টা চলোৱাৰ সত্ত্বেও ভাৰতৰ বিকাশৰ যাত্ৰা অব্যাহত আছে। চৰকাৰৰ সঠিক নীতি আৰু স্পষ্ট অভিপ্ৰায়ৰ বাবেই দেশখনে উন্নতিৰ নতুন শিখৰত উপনীত হ’বলৈ সক্ষম হৈছে। এই বিকাশৰ গতি অক্ষুণ্ণ ৰাখিবলৈ তেওঁ দেশবাসীক ‘স্বদেশী’ আৰু ‘আত্মনিৰ্ভৰশীলতা’ৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়, যাতে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত যুৱ প্ৰজন্মৰ হাতত এখন ‘বিকশিত ভাৰত’ তুলি দিয়াৰ সপোন বাস্তৱায়িত কৰিব পৰা যায়। ইয়াৰ সমান্তৰালভাৱে ঘৰুৱা অৰ্থনীতিক অধিক শক্তিশালী কৰিবলৈ অপ্ৰয়োজনীয় বিদেশ ভ্ৰমণ, বিদেশত বিবাহ অনুষ্ঠান আৰু নিতান্ত প্ৰয়োজন নহ’লে সোণ ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈও প্ৰধানমন্ত্ৰীয়ে দেশৰ নাগৰিকসকলক অনুৰোধ জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...