মানৱ সমাজ আজি লজ্জিত, ৰাজ্যত পুনৰ ভু-লুণ্ঠিত মানৱতা

ৰাজ্যত পুনৰ ভু-লুণ্ঠিত হ’ল মানৱতা। এইবাৰৰ ঘটনা যোৰহাটৰ। যোৰহাটৰ ককিলা মুখত মানৱ সমাজক লজ্জানত কৰা ঘটনা। মথাউৰিৰ কাষত হাবিত উদ্ধাৰ হৈছে এটি নৱজাতকৰ মৃতদেহ। পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। নৱজাতকটিৰ হাতত যোৰহাট মেডিকেল কলেজৰ ষ্টিকাৰ পোৱা গৈছে। য’ত পিতৃৰ নাম অনিল পেগু আৰু মাতৃৰ নাম জোন্তী পেগু বুলি উল্লেখ আছে। শিশুটি হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। ১২ ফ্ৰেব্ৰুৱাৰীত শিশুটিৰ জন্ম হোৱাৰ তথ্য লাভ কৰা হৈছে। ইতিমধ্যে শিশুটিৰ মৃতদেহ যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জে’লৰ পৰা ওলাই পুনৰ জে’লত সোমাল ইমৰাণ খান

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক শুকুৰবাৰে পুৱতি নিশা চিকিৎসাৰ...

এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ , বৰ্তমান ২২ বছৰ পুৰণি গোচৰৰ পৰা হ’ল দোষমুক্ত

এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈক ২২ বছৰ পুৰণি এক...

ভয়ংকৰ গৰমত ফ্ৰান্সত ৭,৩০০ৰো অধিক অতিৰিক্ত মৃত্যু

ফ্ৰান্সত এইবাৰ অভিলেখ সৃষ্টি কৰা তীব্ৰ গৰমে ভয়ংকৰ ৰূপ...