বিৰাট-অনুস্কাই দ্বিতীয় সন্তানৰ নাম ৰাখিলে ‘অকায়’, এই ‘অকায়’ নামটোৰ অৰ্থ জানেনে?

বিৰাট-অনুস্কাৰ জীৱনলৈ আহিল দ্বিতীয়টি সন্তান। অভিনেত্ৰী অনুস্কা শৰ্মা আৰু ক্ৰিকেটাৰ বিৰাট কোহলীৰ জীৱনলৈ আহিল দ্বিতীয়টি সন্তান। তেওঁলোকৰ প্ৰথম কন্যা সন্তান ভামিকাৰ পাছতে এইবাৰ তেওঁলোকৰ জীৱনলৈ আহিল পুত্ৰ সন্তান। উল্লেখ্য যে বিৰাট দ্বিতীয়বাৰ পিতৃ হ’বলৈ ওলাইছে বুলি সামাজিক মাধ্যমত চৰ্চা হৈ আছিল। তাৰ মাজতে আহিল এই ভাল খবৰটো। ১৫ ফেব্ৰুৱাৰীতে তেওঁলোকৰ জীৱনলৈ সন্তান অহাৰ কথা সামাজিক মাধ্যমযোগে জনাইছে তেওঁলোকে। বিৰাট-অনুস্কাৰ জীৱনলৈ অহা পুত্ৰ সন্তানৰ নাম ৰাখিলে ‘অকায়’। কিন্তু আপুনি বাৰু জানেনে এই ‘অকায়’ নামটোৰ অৰ্থ কি?
এই ‘অকায়’ নামটোৰ অৰ্থ বিচাৰি সামাজিক মাধ্যমত আৰম্ভ হৈছে ব্যপক চৰ্চা। বহু জানিব বিচাৰিছে এই নামটোৰ অৰ্থ আৰু এই নামটোৰনো কি আছে বিশেশত্ব। এই ‘অকায়’ নামটোৰ অৰ্থ হৈছে এনে এজন ব্যক্তি যাৰ শৰীৰ নাই, যি শৰীৰহীন, যাৰ কোনো ৰূপ নাই, যি নিৰাকাৰ অৰ্থাৎ ভগৱান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক তৎপৰতা বৃদ্ধি

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাই সামৰিক উপস্থিতি বৃদ্ধি কৰিছে।...

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান

ছমৰীয়াত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। নতুন কাঠমি, বগুৰিগুৰীত...

বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু জে’ল কৰ্তৃপক্ষৰ মাজত ভয়ংকৰ সংঘাত

কাৰাগাৰৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম! বৰপেটা জিলা...

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত GMCHৰ সহকাৰী অধ্যাপক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) ফৰেনচিক মেডিচিন বিভাগৰ...