ৰাজ্যৰ বিহুৰ অনুষ্ঠানত এতিয়া চৰম উদ্ভণ্ডালি, অসভ্যালি

পৰম্পৰা, ঐতিহ্য ভৰিৰে মোহাৰি ৰাজ্যৰ বিহুৰ অনুষ্ঠানত এতিয়া চলিছে চৰম উদ্ভণ্ডালি, অসভ্যালি। ভাৱ হৈছে কোনদিশে আমাৰ যুৱ প্ৰজন্ম! কোনদিশে গতি কৰিছে আমাৰ সাংস্কৃতিক চিন্তা আৰু চেতনাৰ মান! জাঁজীত জুবিন গাৰ্গৰ অনুষ্ঠানত বোকা নৃত্যৰ নতুন এডিশ্যন। সৰভোগত জুবলীৰ সংগীতানুষ্ঠানত চলিল ধূলি নৃত্য। স্বভাৱসুলভভাৱেই মঞ্চত জুবিনেও ব্যক্ত কৰিলে নতুন ‘জুবিন উবাচ’।

জুবিন গাৰ্গ আহিছে। পাপন আহিছে। আহিছে জুবলী আৰু আন আন শিল্পী। প্ৰতিদিনেই নতুন নতুন দৃশ্যাংশ। নব্য নতুন নৃত্য প্ৰতিভা। অসাধাৰণ ডান্স মুভ। এইবাৰৰ খবৰ জাঁজীৰ।
জাঁজীত অলপ বেলেগ কায়দাৰে নৃত্য নাচিছে বোকা শিল্পীয়ে।

নিশাৰ সাংস্কৃতিক অনুষ্ঠান মানেই যেন এতিয়া একাংশ উদণ্ড, উশৃংখল, অভদ্ৰ যুৱকৰ উদ্ভণ্ডালি৷ বিহু অনুষ্ঠানৰ নামত সাংস্কৃতিক অনুষ্ঠান পাতি এতিয়া যেন অপসংস্কৃতিৰহে পোহাৰ৷ অবাধ বহুৱালি। শিৱসাগৰৰ জাঁজীৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। মঞ্চত ইটোৰ পিছত সিটো জনপ্ৰিয় গীত। গীতত নাচি বাগি মতলীয়া সকলো। তাৰ মাজতে এচাম আছে বেলেগ এখন দুনিয়াত। আপুনি যদি ভদ্ৰলোক, তেন্তে এওঁলোকৰ ওচৰ চাপি নোৱাৰে। অসভ্য, উদণ্ড যুৱকৰ অতপালিত যেন এতিয়া কোনো ভদ্ৰলোকৰ বাবে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাটো দুৰূহ৷ ভিন্ন ভংগীমাৰে বোকাত লুতুৰি পুতুৰি হৈ কণ্ঠশিল্পীৰ গীতত উশৃংখল নৃত্য কৰিছে এচামে। মুখত জলন্ত ধুম্ৰদণ্ডিকা। বাগৰি বাগৰি নাচিছে। শুই শুই নাচিছে। কোনোটোৱে পিছলি পৰিছেহি বোকাত। তাৰপিছত একেলগে, দল বান্ধি চলিছে বোকা নৃত্যশিল্পীৰ গ্ৰুপ ডান্স।

ইপিনে স্বভাৱ সুলভ ভংগীমাৰেই জুবিন গাৰ্গে গীতৰ মাজতে দিলে মন্তব্য। বিহু মঞ্চত গামোছা পিন্ধাওতে জুবিনে কলে-
‘অসমীয়া মানুহৰ গামোচা পিন্ধাওতেই বহু সময় যায়’
‘কাম-বন বেছি নকৰে, সুবিধা পালেই গামোচা পিন্ধে’
‘মোক গামোচা নালাগে’

জাঁজীবাসীক লগতে জুবিন গাৰ্গৰ প্ৰশ্ন। জাঁজীখন ঠিকেই আছেনে? এম এল এ , মন্ত্ৰীয়ে কাম কৰিছে নে নাই।

ইফালে সৰভোগত আছিল কণ্ঠশিল্পী জুবলীৰো অনুষ্ঠান। জুবলীৰ গীতত প্ৰাণভৰি নাচিলে দৰ্শকে। জুবলীয়েও গালে ন পুৰণি বহু গীত। কিন্তু ৰব, নৃত্য ইয়াতো আছে। এইবাৰ নৃত্যৰ কেটেগৰী বেলেগ।
বোকা নহয়, সৰভোগত জুবলীৰ অনুষ্ঠানত ‘ধূলি নত্য’
বোকা নৃত্যৰ পিছত এইবাৰ বৰপেটাৰ সৰভোগত ধূলি নৃত্যৰে অসভ্যালি একাংশ উদণ্ড যুৱকৰ৷ সৰভোগত অনুষ্ঠিত বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনৰ মঙলবাৰে জুবলী বৰুৱাৰ সংগীত অনুষ্ঠানৰ মাজতে চলিল উদণ্ড উতনুৱা যুৱকৰ ধূলি নৃত্য৷ ধূলিৰে ভৰাই পেলালে বিহু বাকৰি। এনেকৈয়ে চলিছে এতিয়া ৰাজ্যৰ বিহুৰ অনুষ্ঠানত চৰম উদ্ভণ্ডালি, অসভ্যালী। ভাব হৈছে কোনদিশে আমাৰ যুৱ প্ৰজন্ম! কোনদিশে গতি কৰিছে আমাৰ সাংস্কৃতিক চিন্তা আৰু চেতনাৰ মান! অসমীয়া, কোনদিশে দিশে ধাৱমান!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...