অসমত স্থাপন হ’ব মেনেজমেণ্ট পাঠ্যক্ৰমৰ শীৰ্ষ প্ৰতিষ্ঠান IIM

অসমত স্থাপন কৰা হ’ব মেনেজমেণ্ট পাঠ্যক্ৰমৰ শীৰ্ষ প্ৰতিষ্ঠান IIM। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত IIM স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। গুৱাহাটীৰ কাষৰীয়া কামৰূপ জিলাৰ মাৰাভিটা অঞ্চলত IIM স্থাপনৰ বাবে ইতিমধ্যে ভূমি আবণ্টন দিয়া হৈছে। ইয়াৰ লগে লগে দেশৰ শীৰ্ষ শিক্ষা প্ৰতিষ্ঠান IIT, AIIMS, NATIONAL LAW UNIVERSITYকে ধৰি বিভিন্ন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান স্থাপিত হোৱা চহৰসমূহৰ ভিতৰত স্থান লাভ কৰিলে গুৱাহাটীয়েও। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই X হেণ্ডেলযোগে এই সুখবৰ প্ৰচাৰ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই দেওবাৰে প্ৰকাশ কৰে যে ১৮ মাহ পূৰ্বে অসমত IIM স্থাপনৰ বাবে কেন্দ্ৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছিল ৰাজ্য চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভৰ পিছতে IIM স্থাপনৰ পথ সুচল হৈ পৰে আৰু ই ৰাজ্যখনৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। উল্লেখ্য যে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী মোদীলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰাৰ লগতে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ওচৰতো প্ৰস্তাৱ দাখিল কৰিছে। IIM আহমেবাদৰ সহযোগত নিৰ্মাণ কৰিবলগীয়া এই উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে ভূমি আবণ্টন দিয়াৰ লগতে আন সহযোগিতাও আগবঢ়াব। শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব পি কে বেনাৰ্জীয়ে IIM আহমেদাবাদৰ সঞ্চালকলৈ প্ৰেৰণ কৰা পত্ৰ অনুসৰি কামৰূপ জিলা মাৰাভিটা অঞ্চলত IIMৰ বাবে ৭৬.৮৩ হেক্টৰ ভূমি আবণ্টন দিয়া হৈছে।

NKTV Digital
Author: NKTV Digital

373 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...