মাজুলীবাসীলৈ শীঘ্ৰেই আহিব সুখবৰ

শীঘ্ৰেই মাজুলীবাসীয়ে লাভ কৰিব দলং। মাজুলীলৈ যাতায়াতৰ ক্ষেত্ৰত আহিব যুগান্তকাৰী পৰিৱৰ্তন। কিমান আগবাঢ়িছে মাজুলীৰ দলং নিৰ্মাণৰ কাম চাওক আমাৰ এক প্ৰতিবেদন।

মাজুলীবাসীলৈ সুখবৰ
শীঘ্ৰেই মাজুলীবাসীয়ে লাভ কৰিব দলং।
অতি সোনকালে সম্পূৰ্ণ হ’ব মাজুলী-লখিমপুৰ সংযোগী চেলেক-ধুনাগুৰি দলং।
৫ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব দলংখন।
ইতিম্যেই দলংখনৰ নিৰ্মাণৰ ৬৫% কাম সম্পূৰ্ণ হৈছে।

মাজুলীলৈ যাতায়াতৰ ক্ষেত্ৰত আহিব যুগান্তকাৰী পৰিৱৰ্তন। মাজুলীৰ লোহিত নদী আৰু সোৱণশিৰি নদীৰ ওপৰত দুখনকৈ দলঙৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। দলং নিৰ্মাণৰ দায়িত্বত হাৰিয়ানাৰ এছ পি ছিংলা নামৰ দলং নিৰ্মাণকাৰী সংস্থা। পথ আৰু দলঙৰ মুঠ ১৯ কিলোমিটাৰ দৈৰ্ঘৰ কাম খৰ গতিৰে আগবাঢ়িছে। প্ৰায় ৮০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে দলং দুখন।

চলিত বৰ্ষৰ ডিচেম্বৰ মাহত লোহিত নদীৰ ওপৰত নিৰ্মীয়মান চেলেক দলং আৰু ২০২৫ৰ ডিচেম্বৰৰ ভিতৰত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মীয়মান ধুনাগুৰি দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব। অসম মালাৰ অধীনত নিৰ্মাণ হৈ থকা দুয়োখন দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সমান্তৰালকৈ আগবাঢ়িছে দলঙৰ দুয়োপাৰে দুইলেণ্ডযুক্ত পথ নিৰ্মাণৰো কাম। এই দুয়োখন দলঙে মাজুলীৰ যাতায়াতৰ ক্ষেত্ৰলৈ আনিব যুগান্তকাৰী পৰিৱৰ্তন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...