এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদী: ৰিয়ান

দল নিৰ্বাচনত নিজৰ নামো অনুৰাগীয়ে চৰ্চা কৰাত সুখী অসম সন্তান

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ৰ বুধবাৰে নিশা হায়দৰাবাদত অনুষ্ঠিত হোৱা মেচত শীৰ্ষস্থানত থকা ৰাজস্থান ৰয়েলছ এক ৰাণত এছ আৰ এইচৰ বিৰুদ্ধে পৰাস্ত হয়৷ দলৰ এই পৰাজয়ক নাটকীয় বুলি অভিহিত কৰি ৰয়েলছৰ তাৰকা বেটাৰ ৰিয়ান পৰাগে কয় যে কিছুমান সৰু সৰু ভুলৰ ফলত মেচখনত তেওঁলোক অপ্ৰত্যাশিত ব্যৰ্থতাৰ সন্মুখীন হ’ল৷

মেচৰ অন্তত হোৱা সংবাদমেলত অংশ লৈ অসম সন্তান ৰিয়ানে কয় ‘মই ভাবো যে নিজৰ খেল উন্নতি কৰাৰ বাবে বহুতো ক্ষেত্ৰ বিচাৰি পাইছো৷ লগতে, অনুভৱ কৰো মই মোৰ শ্ৰেষ্ঠ ফৰ্মত নাই৷ অন্যথা খেলখন শেষ কৰিব পাৰিলোহেতেন৷ মই নিখুত হ’বলৈও বহুত সুযোগ বিচাৰি পাইছো৷ নিশ্চিতভাবে ভুলৰ পৰা শিকিবলৈ চেষ্টা কৰিম৷ যদি মই মেচখনত শতক অৰ্জন কৰিলোহেতেন তেন্তে নিশ্চিতভাবে এয়া মোৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ইনিংছ হ’লহেতেন৷’

উল্লেখ্য যে ২০২ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰা ৰয়েলছে আৰম্ভনিতে বিপৰ্যয়ৰ সন্মুখীন হৈছিল যদিও ৰিয়ানে ৪৯ বলত দলৰ হৈ সৰ্বাধিক ৭৭ ৰাণৰ অনন্য ইনিংছ খেলাৰ লগতে যশস্বী জয়ছোৱালৰ [৬৭] লগত শতকীয় যুটি বন্ধি জয়ৰ কাষলৈ গৈয়ো থমকি ৰব লগা হয়৷ চলিত ছিজনত এয়া ৰিয়ানৰ চতুৰ্থটো অৰ্ধশতক৷ উল্লেখ্য যে এতিয়ালৈকে খেলা ১০ খন মেচৰ নটা ইনিংছত ৰিয়ানে ৪০৯ ৰান কৰিছে৷ চতুৰ্থ স্থানত বেটিং কৰা ৰয়েলছৰ অলৰাউণ্ডাৰগৰাকীৰ গড় ৫৮.৪২ আৰু ষ্ট্ৰাইক ৰেট ১৫৯.৮৪৷ আনহাতে, শ্ৰেষ্ঠ স্ক’ৰ ৮৪ ৰাণ৷

‘মেচৰ অন্তত পৰাজিত পক্ষত থকাটো কেতিয়াও ভাল নহয়৷ আমি বহুত কাম ঠিকেই কৰিলোঁ যদিও আমাৰ ভুলৰ ওপৰত দৃষ্টি দিয়াতকৈ অধিক গুৰুত্বপূৰ্ণ বিষয়৷ অৱশ্যে আমি এতিয়াও পইণ্ট টেবুলৰ শীৰ্ষত আছো৷ এয়া মাত্ৰ এখন বেয়া খেল বুলি মই অনুভৱ কৰিছো৷ আমি দুটা-তিনি অভাৰত কেইটামান ভুল কৰিলোঁ আৰু ইয়াৰ ফলতে মেচৰ ফলাফল এনেকুৱা হ’ল৷’ ৰিয়ানে লগতে ব্যক্ত কৰে৷

ইফালে, আসন্ন টি-২০ বিশ্বকাপৰ ভাৰতীয় দলত স্থান লাভৰ বিষয়ে ছ’চিয়েল মিডিয়াত বহু অনুৰাগীয়ে তেওঁৰ নামো চৰ্চা কৰা প্ৰসংগত প্ৰশ্ন কৰাত ৰিয়ানে কয় ‘মই ছ’চিয়েল মিডিয়াত নাই৷ তথাপিও মই সুখী যে মানুহে মোৰ নামটো সঠিক কাৰণত চৰ্চালৈ আনিছে৷ সঞ্জু আৰু চাহাল ভাই তথা যশস্বীয়ে দলত স্থান পোৱাতো মই সুখী৷ মই আশাবাদী প্ৰতিযোগিতাত আমাৰ প্ৰদৰ্শন ভাল হ’ব আৰু এইবাৰ আমি বিশ্বকাপ ঘৰলৈ আনিব পাৰিম৷’

উল্লেখ্য যে ৰাজস্থান ৰয়েলছে এতিয়ালৈকে খেলা দহখন মেচৰ আঠখনতে জয়লাভ কৰি ১৬ পইণ্টৰে তালিকাৰ শীৰ্ষত আছে৷ যোৱানিশাৰ ব্যৰ্থতা দলটোৰ এই ছিজনত বাহিৰত খেলা মেচৰ প্ৰথম পৰাজয়৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত দলটোৱে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অহা ১৩ মে’ত ৰাজস্থান দল গুৱাহাটীত উপস্থিত হ’ব৷

ইফালে, গুৱাহাটীত হ’বলগা দূয়োখন মেচৰ বাবে অনলাইনত বুকমাইশ্ব’ৰ জড়িয়তে টিকট মুকলি কৰাৰ পাছত এতিয়া মহানগৰীৰ দুটাকৈ স্থানত অনুৰাগীক পোনপটীয়াকৈ টিকট সংগ্ৰহ কৰাৰ সুযোগো ৰয়েলছে দিছে৷ মহানগৰীৰ চিটি চেণ্টাৰ মল [দিনৰ দুই বজাৰ পৰা] আৰু নেহৰু ষ্টেডিয়ামত টিকট কেন্দ্ৰ মুকলি কৰা হৈছে যত, অনুৰাগীয়ে অফলাইনত উভয় খেলৰে টিকট ক্ৰয় কৰিব পাৰিব৷ অনলাইনত অসুবিধা পোৱা সকলে এই দুটা কেন্দ্ৰত টিকট সংগ্ৰহ কৰিব পাৰিব৷ বিপৰীতে, পূৰ্বৰ দৰেই বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈয়ো টিকট ক্ৰয় কৰিব পাৰিব৷ লিংকটো হ’ল : https://in.bookmyshow.com/sports/barsapara-cricket-stadium-guwahati/ET00354767

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...