HSLC, HS পৰীক্ষা : ল’ৰা-ছোৱালীৰ বাবে বেলেগ বেলেগ হ’ব প্ৰশ্নকাকত

মেট্ৰিক পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ। প্ৰথমবাৰৰ বাবে ৰাজ্যত দুৰ্যোগ ব্যৱস্থাপনা বিভাগে পাতিব পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত কৰাত শিক্ষা আৰু স্বাস্থ্য বিভাগে সহযোগ কৰিব দুৰ্যোগ ব্যৱস্থাপনা বিভাগক। মুখ্যমন্ত্ৰীৰে ছেবাৰ বৈঠকৰ অন্তত পৰীক্ষাৰ ৰূপৰেখা প্ৰস্তুত। কিন্তু কিদৰে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা? NKTVৰ হাতত পৰীক্ষা ব্যৱস্থাপনাৰ সবিশেষ।

  • ৪ দিনত অনুষ্ঠিত হ’ব ৪টা পৰীক্ষা
  • ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজবিজ্ঞান বিষয়ত হ’ব পৰীক্ষা
  • প্ৰতিটো বিষয়ৰ মুঠ নম্বৰ হ’ব ২৫
  • পৰীক্ষাত নাথাকিব MIL অথবা ঐচ্চিক বিষয়ৰ পাঠ্যক্ৰম
  • প্ৰথমবাৰৰ বাবে ল’ৰা আৰু ছোৱালীৰ বাবে বেলেগ বেলেগ হ’ব প্ৰশ্নকাকত
  • ক’ভিড সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এই ব্যৱস্থা
  • মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ এক সূত্ৰত এই তথ্য

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰিব দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞানৰ লগতে গণিত আৰু জীৱ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব। অভিযান্ত্ৰিক পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচাৰিলে দিব লাগিব গণিতৰ পৰীক্ষা। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ হ’লে দিব লাগিব জীৱ বিজ্ঞানৰ পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আছু, এবছুৱে দিয়া পৰামৰ্শক আঁতৰাই এই ব্যৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...