ভেকচিনৰ দুয়োটা পালিয়ে কাম কৰিছে নে নাই আপুনি কেনেকৈ জানিব?

সমগ্ৰ দেশতে গুৰুতৰ ৰোগত আক্ৰান্ত, ফ্ৰণ্টলাইন কৰ্মী আৰু বৃদ্ধ লোকসকলক বুষ্টাৰ ড’জ দি থকা হৈছে। এই বিষয়ক লৈ মানুহৰ মনত বহুতো প্ৰশ্ন আছে। যিসকলে দুয়োটা পালি গ্ৰহণ কৰিছে তেওঁলোকক পুনৰ তৃতীয় পালিৰ প্ৰয়োজন নেকি? আপুনি কেনেকৈ জানিব, বিচাৰি উলিওৱাৰ উপায় কি? ইয়াৰ বাবে বহুত টকা-পইচা খৰচ হয় নেকি?

দৰাচলতে, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এটা মাত্ৰ পৰীক্ষাৰ দ্বাৰা গম পোৱা যায়, যাক এণ্টিবডী টেষ্ট বুলি কোৱা হয়। কেনেকৈ আৰু ক’ত এণ্টিবডী পৰীক্ষা কৰিব পাৰি জানি লও আহক।


এণ্টিবডীৰ অৰ্থ কি?
যেতিয়া ভাইৰাছ এটা আপোনাৰ শৰীৰলৈ আহে, ইয়াৰ সৈতে যুঁজিবলৈ কিছুমান প্ৰ’টিন গঠন হয়, যিবোৰ আপোনাৰ শৰীৰত ভাইৰাছৰ দৰে। এনে প্ৰ’টিনক এণ্টিবডী বুলি কোৱা হয়।


কভিড ভেকচিনে কাম কৰি আছে নে নাই এণ্টিবডী পৰীক্ষাই প্ৰকাশ কৰেনে ?
এণ্টিবডী পৰীক্ষা দেখুৱায় যে প্ৰাপ্ত কৰা ভেকচিনটো যথেষ্ট বা আমাৰ শৰীৰত পুনৰ প্ৰয়োগ কৰিব লাগিব। যদি আপুনি ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে আৰু পৰীক্ষাৰ পিছত আপোনাৰ এণ্টিবডী হ্ৰাস হয়, ইয়াৰ অৰ্থ হৈছে যে ভেকছিনটোৰ প্ৰভাৱ আপোনাৰ শৰীৰত হ্ৰাস পাইছে। কিন্তু যদি আপোনাৰ শৰীৰত অধিক এণ্টিবডী আছে, ইয়াৰ অৰ্থ হৈছে যে ভেকছিনে এতিয়াও কাম কৰি আছে।


কেৱল টীকাকৰণে এণ্টিবডী প্ৰস্তুত কৰে নেকি?
নহয়, কেৱল ভেকচিনে এণ্টিবডী প্ৰস্তুত নকৰে। যদি আপুনি কভিডৰ পৰা আৰোগ্য হৈছে আৰু তাৰ পিছত এণ্টিবডী পৰীক্ষা কৰিছে তথাপিও আপোনাৰ শৰীৰত এণ্টিবডী থাকিব, সেয়া পৰীক্ষা কৰাৰ সময়ত জনা যাব। অৱশ্যে কোনো সন্দেহ থাকিলে এই বিষয়ে চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে।


এণ্টিবডী পৰীক্ষা কৰিবলৈ কিমান খৰচ হয়?
এণ্টিবডী পৰীক্ষা কৰাবলৈ প্ৰায় ৫০০ৰ পৰা ১০০০ হাজাৰ টকা সাধাৰণতে খৰচ হয়। শেহতীয়াকৈ DRDOই এণ্টিবডী পৰীক্ষাৰ বাবে এটা কিট বিকশিত কৰিছে, যাৰ মূল্য মাত্ৰ বহুত কম।


পৰীক্ষাৰ ৰিপৰ্ট পাবলৈ কিমান সময় লাগে?
এণ্টিবডী পৰীক্ষা কৰাৰ পিছত প্ৰতিবেদন পাবলৈ বেছি সময় নালাগে। ১-২ ঘণ্টাৰ ভিতৰত ফলাফল লাভ কৰে।


এণ্টিবডী পৰীক্ষাত কভিড সংক্ৰমণ চিনাক্ত কৰিব পাৰিনে?
এণ্টিবডী পৰীক্ষা এটাই কভিড পজিটিভ নে নিগেটিভ সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰে। এই পৰীক্ষাটোৱে কেৱল আপোনাৰ শৰীৰত এণ্টিবডীৰ পৰিমাণ নিৰ্ধাৰণ কৰিব পাৰে, যি সংক্ৰমণৰ পৰা আৰোগ্য হোৱাৰ পিছত বা টীকাকৰণৰ পিছত সৃষ্টি হয়।


আৰোগ্য হোৱাৰ কিমান দিনৰ পিছত এই পৰীক্ষা কৰা উচিত?
যদি আপুনি কভিড সংক্ৰমণৰ পৰা আৰোগ্য হৈছে, আপুনি এই পৰীক্ষা প্ৰায় দুসপ্তাহ পিছত কৰিব পাৰে। কিয়নো আৰোগ্য হোৱাৰ ১৩-১৪ দিনৰ পিছত আপোনাৰ শৰীৰত এণ্টিবডী গঠন হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...