বঙাইগাঁৱলৈ গ’লে এইকেইটা ঠাইলৈ যাবই লাগিব আপুনি

0 7,167

নামনি অসমৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বঙাইগাঁও জিলাত আছে পৰ্যটনৰ যথেষ্ট সম্ভাৱনা। আপুনি বঙাইগাঁৱলৈ আহিব বিচাৰে নেকি? যদি আহে তেন্তে কি কি ঠাই আপুনি চাবলৈ যাব পাৰিব। প্ৰথমতেই জানো আহক যাতায়তৰ কেনেধৰণৰ ব্যৱস্থা আছে বঙাইগাঁও জিলাত। আপুনি ৰে’লযোগেও আহিব পাৰে বঙাইগাঁৱলৈ। উজনিমুৱা আৰু নামনিমুৱা কেইবাখনো ৰে’লৰ চলাচল হয় বঙাইগাঁৱৰ মাজেৰে। আপুনি নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত নামি বাছ অথবা টেক্সিৰ জৰিয়তে জিলাখনৰ প্ৰতিটো স্থান পৰিদৰ্শন অনায়াসে কৰিব পাৰে। যাত্ৰীবাহী বাছৰ সেৱাও ৰাজ্যৰ প্ৰতিখন জিলাৰে সংযোগ আছে বঙাইগাঁৱলৈ।

এতিয়া জানো আহক বঙাইগাঁও জিলাৰ ক’ত ক’ত আপুনি যাব পাৰে ?

১) মা বাঘেশ্বৰী দেৱালয়ঃ ৰজাদিনীয়া বাঘেশ্বৰী মন্দিৰ ৰাজ্যৰ অন্যতম শক্তিপীঠৰূপে পৰিচিত। বাঘেশ্বৰী দেৱালয়ত দেৱী প্ৰতিমাৰ সলনি এখন তৰোৱালকহে পূজা অৰ্চনা কৰা হয় ৷ বছৰৰ শাৰদীয় দুৰ্গোসৱৰ মহানৱমীৰ দিনটোত বাঘেশ্বৰী দেৱালয়ত ম’হ বলি দিয়াটো ৰজাদিনীয়া পৰম্পৰা। প্ৰতিদিনে যথেষ্ট সংখ্যক ভক্তৰ ভিৰ হয় বাঘেশ্বৰী দেৱালয়ত।

২) অষ্টম শতিকাৰ ঐতিহাসিক শ্ৰী শ্ৰী গণেশ মন্দিৰঃ বঙাইগাঁও চহৰৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দুৰৈত অৰ্থাৎ অভয়াপুৰী নগৰৰ লালমাটি-দুৰামাৰীত অৱস্থিত এই ঐতিহাসিক গণেশ মন্দিৰ। প্ৰত্নত্বাত্তিক বিশেষজ্ঞৰ ম’তে অষ্টম-দশম শতিকাতেই নিৰ্মাণ কৰা হৈছিল এই প্ৰাচীন মন্দিৰটো। মন্দিৰটোৰ কেউদিশে আজিও সংৰক্ষিত অৱস্থাত আছে বহু শৈল ভাস্কৰ্যকে আদি কৰি প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ঐতিহাসিক গণেশ মন্দিৰত প্ৰতিদিনে বহু ভক্তৰ সমাগম হয়। উল্লেখ্য যে, মাঘ মাহৰ বৰোদা চতুৰ্থীত এই মন্দিৰত আয়োজন কৰা হয় মহাপ্ৰভু সিদ্ধিদাতা গণেশৰ পূজা অৰ্চনা আৰু মেলা।

৩) যোগীঘোপাৰ প্ৰাচীন গুহাঃ যোগীঘোপাৰ ঐতিহাসিক দুগ্ধনাথ পাহাৰৰ সৌন্দৰ্যই হাত বাউল দি মাতে দেশ-বিদেশৰ পৰ্যটকক। নৰনাৰায়ণ সেতুৰ পৰা এক কিলোমিটাৰ পূৱফালে থকা গুহা কেইটাই ব্ৰহ্মপুত্ৰৰ পাৰত এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে। এই দৃশ্য উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ পৰা প্ৰতিদিনে দৰ্শনাৰ্থী আহে। পুৰণি আখ্যান মতে, ৬৫৫-৯০০ খ্ৰীষ্টাব্দৰ ভিতৰত প্ৰকাণ্ড শিলত গুহা সমূহ খোদিত কৰা হৈছিল। বৌদ্ধ ভিক্ষু সকলে এই গুহা কেইটা তপস্যা কৰাৰ বাবে সজাইছিল বুলি জনা যায়। পিছৰ পৰ্যায়ত যোগী সকলে ধ্যান কৰা কামতো ব্যৱহাৰ কৰা জনা যায়। যোগী তথা সাধু সন্যাসীয়ে এই গুহা সমূহত তপস্যা কৰাৰ বাবে অঞ্চলটোৰ নাম যোগীঘোপা হয় বুলি প্ৰবাদ আছে। কাৰিকৰী দিশৰ পৰা গুহা সমূহ ইলোৰা আৰু অজন্তাৰ লগত তুলনা কৰা হৈছে। ১.৯ মিটাৰ ওখ, ২.৬ মিটাৰ পথালি আৰু ১.৮ মিটাৰ গভীৰ গুহাকেইটাৰ প্ৰত্যেকটোৰ বাৰান্দা আছে। দীঘে ৭৫ চেন্টিমিটাৰ আৰু পথালিয়ে ৩৫ চেণ্টিমিটাৰ বাৰান্দাই গুহাকেইটাৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। খৰালি কালত পাহাৰখনৰ ওপৰৰ পৰা লক্ষ্য কৰিলে ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰে এক দৃষ্টিনন্দন দৃশ্যৰ সৃষ্টি কৰে।

৪) সোণালী বান্দৰৰ ৰম্যভুমি কাকৈজানাঃ সোণালী বান্দৰৰ ৰম্যভূমিৰূপে খ্যাত অসমৰ উল্লেখযোগ্য বনাঞ্চলখন হ’ল বঙাইগাঁৱৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল ৷ সোণালী বান্দৰৰ বাবে অবাধ বিচৰণস্থলী হোৱাৰ পৰিপ্ৰেক্ষিতত ঠায়ে-ঠায়ে গঢ়ি উঠিছে পৰ্যটন ক্ষেত্ৰ। বিশেষকৈ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ সমীপৱৰ্তী উজান ৰাভাপাৰা গাঁৱৰ ৰাভা জনগোষ্ঠীয় লোকসকলে তিনি দশক ধৰি সোণালী বান্দৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে কাম কৰি আহিছে। সোণালী বান্দৰ চাবলৈ দেশ-বিদেশৰ অগণন পৰ্যটকে ভিৰ কৰে কাকৈজানাত।

৫) নাককাটি পাহাৰৰ সুউচ্চ শৃংগঃ বঙাইগাঁও জিলাৰ অন্যতম পৰ্যটন কেন্দ্ৰ নাককাটি পাহাৰৰ সুউচ্চ শৃংগ। ভাৰতৰ উত্তৰ-পূৱ অংশ প্রাকৃতিক নৈসর্গিক সৌন্দর্যৰ বাবে বিখ্যাত। সুন্দৰ নদী, দুঃসাহসিক পাহাৰ, বনাঞ্চল, জলপ্রপাত তথা বহুতো প্রাকৃতিক সম্পদৰ বাবে এই অঞ্চলটো অত্যন্ত সমৃদ্ধ। নাককাটি পাহাৰৰ এটি চূড়াই হৈছে আকৰ্ষণৰ মুল কেন্দ্ৰবিন্দু। বঙাইগাঁও চহৰৰ পৰা ১৯ কিলোমিটাৰ দুৰৈত অৰ্থাৎ দেৱানগাঁৱত আছে এই নাককাটি পাহাৰ। নাককাটিৰ পাহাৰৰ সুউচ্চ শিখৰত উঠিলে মেঘাছন্ন তলৰ সেউজ পৰিবেশ আৰু টুনীয়া নৈৰ নৈসৰ্গিক দৃশ্যই সকলোকে আকৰ্ষন কৰে। পুৱাৰ সূৰ্যোদয়ৰ মনোমোহা দৃশ্যৰ বাবেও পৰিচিত নাককাটি পাহাৰ।

৬) কঁয়া-কুঁজীয়া ইকো পাৰ্কঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কঁয়া কুঁজীয়া ইকো পাৰ্ক এক মানৱসৃষ্ট উদ্যান। সৌন্দৰ্যৰ আকৰ কঁয়া-কুঁজীয়া এসময়ত আছিল হাবি-জংঘলেৰে পৰিপূৰ্ণ এডৰা দ-পিতনি। নীলৰঙী আকাশৰ তলত ৯টাকৈ টিলা অথবা দ্বীপেৰে গঠিত প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি কঁয়া-কুঁজীয়া দেশ বিদেশৰ অগণন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সৌন্দৰ্যপিপাসু প্ৰতিগৰাকী লোককে কঁয়া-কুঁজীয়াৰ অপৰূপ সৌন্দৰ্যই হাত বাউল দি মাতে। কেউদিশে কেৱল জলৰাশি আৰু ভেটফুলৰ গুলপীয়া ৰহণৰ মাজে মাজে ১৬টাতকৈও অধিক প্ৰজাতিৰ পৰীভ্ৰমী চৰাইৰ কল কাকলিত মুখৰিত হৈ থাকে কঁয়া-কুঁজীয়াৰ আকাশ বতাহ। কঁয়া-কুঁজীয়া ইকো পাৰ্কত বছৰৰ সকলো সময়তেই পৰ্যটক দৰ্শনাৰ্থীৰ বাবে থাকে নৌকাবিহাৰৰ সুবিধা।

ইয়াৰ উপৰিও জিলাখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ স্থাপিত ঘৰশীয়া সত্ৰ আৰু বিষ্ণুপুৰ সত্ৰ, বৰঘোলাৰ প্ৰাচীন ৰঘুনাথ বিগ্ৰহ সত্ৰ, উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰত থকা সহস্ৰলিংগ শিৱ মন্দিৰও পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে বিবেচিত হৈছে। নৈশ যাপনৰ বাবেও জিলাখনত আস্থা ৰিজৰ্ট, হোটেল জাহ্ণৱী ৰিজেঞ্চিকে ধৰি চৰকাৰী আৱৰ্ত ভৱন তথা ডাক বঙলা উপলব্ধ। গতিকে, পৰ্যটক তথা পৰ্যটনৰ বাবে সম্ভাৱনাপূৰ্ণ বঙাইগাঁৱলৈ সকলোকে স্বাগতম জনাইছোঁ।

Leave A Reply

Your email address will not be published.