দুখন দেশত এখন ষ্টেডিয়াম, পৃথক কভিড প্ৰটকলৰ বাবে বাতিল হ’ল ফুটবল মেচ

এখন খেলক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। এখন ফুটবল ষ্টেডিয়াম আছে যাৰ খেলপথাৰ আছে এখন দেশত, আনহাতে, পাৰ্কিং স্থান আছে আন এখন দেশত। ষ্টেডিয়ামখন আছে ৱেলছত, কিন্তু পাৰ্কিং স্থান ইংলেণ্ডত আছে। ইংলেণ্ডৰ জনপ্ৰিয় ফুটবল ক্লাব চেষ্টাৰ এফ চিৰ ঘৰুৱা খেলপথাৰ ডেভ ষ্টেডিয়াম। এসময়ত ইংৰাজ ফুটবলৰ শীৰ্ষ দলসমূহৰ ভিতৰত অন্যতম চেষ্টাৰে বৰ্তমান ইংলেণ্ডৰ ষষ্ঠ স্তৰত খেলে। ষ্টেডিয়ামৰ অৱস্থানে ইয়াক বিশেষ কৰি তুলিছে। ক্লাবটোৰ অফিচিয়েল ইতিহাসবিদ চেজ চুমাৰৰ মতে ষ্টেডিয়ামৰ অৱস্থানেই নাম-খ্যাতি সকলো। ই কেতিয়াবা যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। চেষ্টাৰ এফ চি আকৌ এবাৰ চৰ্চালৈ আহিছে। ইয়াৰ কাৰণ হৈছে চেষ্টাৰ এফ চিৰ ওপৰত ৱেলছৰ কভিড প্ৰটকল উলংঘা কৰাৰ অভিযোগ। দৰাচলতে, চেষ্টাৰ এফ চিয়ে নতুন বছৰত ঘৰুৱা খেলপথাৰত দুখন মেচ খেলিছিল। দ্বিতীয়খন খেল চাবলৈ ২,০০০ তকৈও অধিক অনুৰাগী উপস্থিত হৈছিল। ইংলেণ্ডৰ কভিড বিধিমতে সকলো ঠিকেই আছিল যদিও ই ৱেলছৰ নিয়ম উলংঘা কৰিছিল। কিয়নো ৱেলছত কেৱল সৰ্বাধিক ৫০ জন লোকেহে বাহিৰৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব। চেষ্টাৰ এফ চিয়ে বিশ্বাস কৰা নাছিল যে এই নিয়মবোৰ ফুটবল মেচৰ ক্ষেত্ৰতো প্ৰযোজ্য। চেষ্টাৰ ভলেণ্টিয়াৰৰ অধ্যক্ষ এণ্ড্ৰিউ মৰিছৰ মতে, “আমাৰ এটা ইংলিছ ক্লাব আছে যাৰ ষ্টেডিয়ামে ইংলেণ্ড আৰু ৱেলছ দুয়োখন দেশকে সামৰি লয়।” আমি ইংলিছ ফুটবল এছ’চিয়েচনৰ সৈতেহে পঞ্জীভুক্ত। ষ্টেডিয়ামখন যি ভূমিত নিৰ্মাণ কৰা হৈছে সেইখন ইংলেণ্ডৰ অধীনত আছে। আমি ইংলেণ্ড আৰু ইয়াৰ আৰক্ষী-প্ৰশাসনৰ শাসনত আছো। কিন্তু ৱেলছ কৰ্তৃপক্ষৰ বাবে এইটো গুৰুত্বপূৰ্ণ নাছিল। ইয়াৰ বিপৰীতে ৱেলছৰ এজন চৰকাৰী প্ৰতিনিধিয়ে কয়, “চেষ্টাৰ ফুটবল ক্লাবৰ ষ্টেডিয়ামৰ অংশ ৱেলছতো আছে, সেয়েহে ৱেলছৰ নিয়ম ষ্টেডিয়ামতো প্ৰযোজ্য। এই ঘটনাৰ বাবে চেষ্টাৰ ফুটবল ক্লাবক খেলখন পিছুৱাই দিবলৈ বাধ্য হয়। ইতিমধ্যে বিষয়টো নিষ্পত্তি কৰিবলৈ আইনী পৰামৰ্শ বিচাৰিছে ফুটবল দলটোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...