কিমান টকা দৰমহা আৰু কি কি সুবিধা পায় এজন সাংসদে?

সাংসদসকলে মাহিলী ১ লাখ টকাৰ দৰমহা লাভ কৰে। ইয়াৰ উপৰিও তেওঁলোকৰ দৰমহা প্ৰতি ৫ বছৰৰ মূৰে মূৰে দৈনিক ভাট্টা হিচাপে বৃদ্ধি পায়। এই দৰমহাত প্ৰতিমাহে ৫০ হাজাৰ টকাৰ মৌলিক দৰমহা (Basic pay) অন্তৰ্ভুক্ত। সংসদৰ অধিৱেশনত অংশগ্ৰহণৰ বাবেও দৈনিক ভাট্টা হিচাপে ২০০০ টকা লাভ কৰে।

যদি পথেৰে যাতায়াত কৰে তেন্তে সাংসদসকলে প্ৰতি কিলোমিটাৰত ১৬ টকাৰ হাৰত ভাট্টা লাভ কৰে। লগতে প্ৰতিমাহে ৪৫ হাজাৰ টকা সমষ্টিৰ ভাট্টা লাভ কৰে। কাৰ্যালয়ৰ খৰচ হিচাপে প্ৰতিমাহে ৪৫ হাজাৰ টকা লাভ কৰে, য’ত ষ্টেচনাৰী আৰু ডাক খৰচৰ বাবে ১৫ হাজাৰ টকাও লাভ কৰে। এই ভাট্টা সচিব সহায়কৰ মজুৰি প্ৰদানৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।

প্ৰতিমাহে সাংসদসকলে ৫০০ টকা পৰিশোধ কৰি নিজৰ লগতে পৰিয়ালৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে। সাংসদসকলক তেওঁলোকৰ কৰ্তব্য পালনত হোৱা খৰচৰ বাবে Travel Reimbursement দিয়া হয়। সাংসদসকলে নিজৰ কাৰ্যকালৰ বাবে ভাড়াবিহীন গৃহৰ সুবিধা লাভ কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

4 COMMENTS

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...