প্রয়াত বিৰুবালা ৰাভাৰ শোকসন্তপ্ত পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে

মহীয়সী বিৰুবালা ৰাভাই সমাজ জীৱনলৈ যি বৰঙণি যোগাই গ’ল, সেয়া ভৱিষ্যতৰ দিনত যুগে যুগে মূল্যায়ন হৈ থাকিব: মুখ্যমন্ত্রী

ৰাজ্য চৰকাৰে ১৩ মে’ দিনটো অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যখনত ডাইনী হত্যাৰ দৰে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে অহোপুৰুষাৰ্থ কৰা বিজ্ঞানমনস্কতাৰ প্ৰতিভূ স্বৰূপ পদ্মশ্রী সন্মানেৰে বিভূষিত প্রয়াত বিৰুবালা ৰাভাৰ অসম-মেঘালয় সীমান্তৰ গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱস্থিত তেখেতৰ বাসগৃহত উপস্থিত হৈ আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। এইগৰাকী অক্লান্ত যোদ্ধাই কুসংস্কাৰ আৰু অন্ধবিশ্বাস মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে আজীৱন কাম কৰি অৱশেষত দুৰাৰোগ্য কৰ্কট ৰোগত আক্রান্ত হৈ যোৱা ১৩ মে’ত ইহলীলা সম্বৰণ কৰে।

সাংবাদিকসকলৰ লগত হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে ডাইনী হত্যাৰ দৰে সমাজক কলুষিত কৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ৰাজ্যজুৰি এইগৰাকী মানৱতাবাদী যোদ্ধাই যি আন্দোলন গঢ়ি তুলিছিল তাৰ বাবে বিৰুবালা ৰাভাৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে। সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ নিঃস্বার্থভাৱে চলোৱা তেখেতৰ এই প্রচেষ্টা সদায়ে স্মবণীয় হৈ ৰ’ব। এইগৰাকী সমাজ সংস্কাৰকৰ বিয়োগ সমগ্ৰ ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে মহীয়সী বিৰুবালা ৰাভাই সমাজ জীৱনলৈ যি বৰঙণি যোগাই গ’ল, সেয়া ভৱিষ্যতৰ দিনত যুগে যুগে মূল্যায়ন হৈ থাকিব। ৰাজ্য চৰকাৰে পদ্মশ্রী বঁটা বিজয়ী প্রয়াত বিৰুবালা ৰাভাই দেখুৱাই যোৱা মহান প্রচেষ্টাক আগুৱাই নিবলৈ সাধ্য অনুসাৰে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব বুলি মুখ্যমন্ত্রীয়ে কয়। তেওঁ ডাইনী হত্যা আৰু সামাজিক কুসংস্কাৰবোৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আৰু নাগৰিক সমাজে গ্রহণ কৰা পদক্ষেপসমূহৰ বাবে সহযোগিতা আগবঢ়াবলৈ ৰাজ্যৰ প্ৰতিজন ব্যক্তিক আহ্বান জনায়।

প্রয়াত বিৰুবালা ৰাভাৰ মৃত্যুৰ ১৩ মে’ দিনটো অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ তেখেতৰ শুভাকাংক্ষীসকলে জনোৱা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টো ৰাজ্যিক মন্ত্রী সভাত আলোচনা কৰি বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি আশ্বাস প্রদান কৰে। বিৰুবালা ৰাভাৰ প্রতিমূর্তি স্থাপনৰ দাবীৰ প্ৰতিও ৰাজ্য চৰকাৰে বিবেচনা কৰিব বুলি মুখ্যমন্ত্রীয়ে লগতে কয়।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...