আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা ইডিৰ অভিযান। ঘৰৰ পৰা উদ্ধাৰ কোটি কোটি টকা! বিগত কেইবছৰমানৰ ভিতৰত এনে দৃশ্য সাধাৰণ লোকে বাৰে বাৰে দেখিছে। ফলত স্বাভাৱিকতে এটা প্ৰশ্ন উত্থাপিত হৈছে। আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে? দেশৰ আয়কৰ আইনে এই বিষয়ে কি কয়?

ঘৰত নগদ ধন ৰখাৰ বিষয়ে বহুতৰে ভুল ধাৰণা আছে। কিন্তু আয়কৰ আইন অনুসৰি, এই বিষয়ত কোনো উচ্চ সীমা নাই। অৰ্থাৎ, এজন ব্যক্তিয়ে যিমান ইচ্ছা ধন নিজৰ কাষত বা ঘৰত ৰাখিব পাৰে। কিন্তু সেই ধনৰ উৎস বৈধ হ’ব লাগিব। সংশ্লিষ্ট ব্যক্তিৰ আয়কৰ ৰিটাৰ্ণৰ তথ্যত এই ধনৰ উল্লেখ থাকিব লাগিব। যদি তেনে নহয়, তেন্তে ঘৰত থকা নগদ ধনক আয় বহিৰ্ভূত বুলি গণ্য কৰিব পাৰে আয়কৰ বিভাগ বা ইডিয়ে।

ভাৰতীয় নাগৰিকৰ লগত থকা নগদ ধনৰ বিষয়টো আয়কৰ আইনৰ ৬৮ৰ পৰা ৬৯বি ধাৰাত ব্যাখ্যা কৰা হৈছে। কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ লগত আয় বহিৰ্ভূত নগদ ধনৰ সন্ধান পোৱা গ’লে চৰকাৰে তৎক্ষণাত জৰিমনা আৰোপ কৰিব পাৰে। এনে ক্ষেত্ৰত আয়কৰ বিষয়াসকলে সেই ব্যক্তিৰ মুঠ আয়ৰ ৭৮ শতাংশ পৰ্যন্ত জৰিমনা আৰোপ কৰাৰ অধিকাৰ ৰাখে। ইয়াৰ উপৰি, সংশ্লিষ্ট বিভাগে তেওঁক গ্ৰেপ্তাৰো কৰিব পাৰে।

আইনগতভাৱে কোনো সৰ্বোচ্চ সীমা নাথাকিলেও, কোনো ব্যক্তিৰ কাষত প্ৰচুৰ পৰিমাণৰ নগদ ধন থাকিলে সন্দেহৰ সৃষ্টি হ’ব পাৰে। সেই ক্ষেত্ৰত ধনৰ উৎস প্ৰমাণ কৰিবলৈ তেওঁক প্ৰয়োজনীয় নথিপত্ৰ লগত ৰাখিব লাগিব। এই নথিপত্ৰৰ ভিতৰত আয়কৰ ৰিটাৰ্ণৰ উপৰি ব্যৱসায়িক হিচাপ, শ্বেয়াৰৰ পৰা আয় বা অন্যান্য আয় সম্পৰ্কীয় নথিও থাকিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...