বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ বিজনেছ ক্লাছত যাতায়াত কৰিছিল। এই প্ৰচুৰ ধন তেওঁৰ হাতলৈ ক’ৰ পৰা আহিছিল, তাক লৈ তদন্তকাৰী সংস্থাই অনুসন্ধান চলাই আছে। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইয়ে জ্যোতিক এই ধন দিছিল নেকি? ভাৰতীয় তদন্তকাৰী সংস্থাসমূহে এই কথা জানিবলৈ চেষ্টা কৰি আছে। পাকিস্তানৰ চোৰাংচোৱাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত শুকুৰবাৰে হাৰিয়ানা আৰক্ষীয়ে জ্যোতিক গ্ৰেপ্তাৰ কৰে।

জ্যোতিৰ বিৰুদ্ধে তদন্তত নামি তেওঁৰ ভিডিঅ’সমূহ তদন্তকাৰী সংস্থাই পৰীক্ষা কৰি আছে। সূত্ৰৰ খবৰ অনুসৰি, এই ভিডিঅ’ পৰীক্ষা কৰি তেওঁলোকৰ দৃষ্টিত পৰিছে জ্যোতিৰ জীৱনযাত্ৰা। তেওঁৰ আয়ৰ তুলনাত ব্যয় অসংগত আছিল বুলি অভিযোগ। আৰক্ষীয়ে এই বিষয়ে তদন্ত কৰি আছে। হিসাৰৰ আৰক্ষী অধীক্ষক শশাঙ্ককুমাৰ ছাওয়ানে কয়, “আমি তেওঁৰ একাউণ্টৰ লেনদেন, তেওঁ ক’ত ক’ত গৈছিল, কাৰ সৈতে সাক্ষাৎ কৰিছিল—সকলো পৰীক্ষা কৰি আছোঁ।” আৰক্ষীৰ এটা সূত্ৰই জনায়, ভ্ৰমণৰ সময়ত জ্যোতি বিলাসবহুল হোটেলত থাকিছিল আৰু বিখ্যাত ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰিছিল।

আৰক্ষীৰ মতে, জ্যোতিৰ পাকিস্তান ভ্ৰমণৰ খৰচ আন কোনোবাই বহন কৰিছিল। কোনে এই ধন দিছিল, তাক আৰক্ষীয়ে পৰীক্ষা কৰি আছে। তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে পাকিস্তানত জ্যোতিয়ে ‘ভিআইপি’ৰ দৰে সুবিধা পাইছিল। পাকিস্তানৰ পৰা উভতি আহি তেওঁ চীনলৈ গৈছিল। সেই দেশতো তেওঁ বিলাসবহুল গাড়ীত উঠি ঘূৰিছিল আৰু গহনাৰ দোকানলৈ গৈছিল। তদন্তকাৰীৰ এটা অংশৰ মতে, ধনৰ প্ৰলোভনত পৰিয়েই জ্যোতিয়ে পাকিস্তানৰ ফান্দত পৰিছিল।

ইউটিউবাৰ হিচাপে জ্যোতি মালহোত্ৰাই দ্ৰুত খ্যাতি আৰু ধন উপাৰ্জন কৰিব বিচাৰিছিল। নিজৰ ক্ষেত্ৰৰ প্ৰতিযোগীসকলক পিছ পেলাই আগবাঢ়িবলৈ চেষ্টা কৰিছিল। জ্যোতিৰ ইউটিউব চেনেল ‘ট্ৰেভেল উইথ জো’ৰ Subscriberৰ সংখ্যা ৩ লাখ ৮৫ হাজাৰ। এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি কৰিবলৈ তেওঁ প্ৰয়াস কৰিছিল। তাৰ বাবে তেওঁক নিত্য নতুন কনটেন্টৰ প্ৰয়োজন আছিল। সেই কনটেন্ট যোগাৰ কৰিবলৈ তেওঁ বহুবাৰ পাকিস্তানলৈ গৈছিল। আৰক্ষীৰ মতে, সেই সূত্ৰেই তেওঁ পাকিস্তানৰ বাবে ‘সম্পদ’ হৈ পৰিছিল। হিসাৰৰ আৰক্ষী অধীক্ষক শশাঙ্কই জনায়, জ্যোতিৰ হাতত পাকিস্তানৰ গুপ্তচৰক দিব পৰা তথ্য বিশেষ নাছিল, কাৰণ তেওঁৰ ভাৰতীয় সেনাৰ সৈতে প্ৰত্যক্ষ যোগাযোগ নাছিল। কিন্তু পাকিস্তানৰ বিষয়াসকলৰ সৈতে তেওঁৰ যোগাযোগ গঢ়ি উঠিছিল। তেওঁ কয়, “পাকিস্তানৰ বিষয়াসকলে জ্যোতিক নিজৰ সম্পদ হিচাপে গঢ়ি তুলিছিল। তেওঁৰ আন ইউটিউবাৰৰ সৈতেও যোগাযোগ আছিল। তেওঁলোকৰ জৰিয়তে পিআইঅ’ (জন তথ্য বিষয়া)ৰ সৈতে যোগাযোগ হৈছিল।” তেওঁ আৰু কয়, “এয়া এখন যুদ্ধৰ দৰে, য’ত পাকিস্তানে প্ৰভাৱশালী ব্যক্তি নিয়োগ কৰি নিজৰ বক্তব্য প্ৰচাৰৰ চেষ্টা কৰে।”

বিগত বছৰত দিল্লীৰ পাকিস্তান হাই কমিছনৰ ইফতাৰ পাৰ্টিতো জ্যোতিয়ে অংশ লৈছিল। এই প্ৰসংগত হিসাৰৰ আৰক্ষী অধীক্ষকে কয়, “সামাজিক মিলা-মিছাত কোনো সমস্যা নাই। কিন্তু তেওঁলোকৰ উদ্দেশ্য বুজিব লাগিব। পাকিস্তান আমাৰ বাবে সাধাৰণ দেশ নহয়। সংঘাতৰ সময়ত সেই দেশলৈ বাৰম্বাৰ ভ্ৰমণ, সামাজিক মিলা-মিচা, যোগাযোগ ৰক্ষা, সুবিধাৰ আদান-প্ৰদানে দেশৰ ঐক্য আৰু সাৰ্বভৌমত্বত আঘাত হানিব পাৰে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...