ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ বিউটিফুল বিল) কাৰ্যকৰী হ’ব নে নহয়? ৰবিবাৰে নিশা মাৰ্কিন হাউছ বাজেট কমিটিয়ে এই বিলৰ পক্ষত ভোট দিছে। যদি এই বিল আইনত পৰিণত হয়, তেন্তে আমেৰিকাত বসবাস কৰা লাখ লাখ ভাৰতীয় আৰু প্ৰবাসী ভাৰতীয়ৰ বাবে সংকটৰ সম্ভাৱনা আছে। নতুন আইন কাৰ্যকৰী হ’লে আমেৰিকাৰ পৰা নিজৰ দেশত পৰিয়ালৰ ওচৰলৈ ধন পঠোৱাটো প্ৰবাসীসকলৰ বাবে অধিক ব্যয়বহুল হৈ পৰিব।

এই বিলত কি কোৱা হৈছে?

১,১১৬ পৃষ্ঠাৰ এই বিলত কৰ কাঠামোৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আমেৰিকাত এইচ-১বি আৰু গ্ৰীণকাৰ্ড লৈ বসবাস কৰা লোকসকল অধিক সমস্যাত পৰিব। যিসকল আমেৰিকাৰ নাগৰিক নহয়, কিন্তু কৰ্ম বা ব্যৱসায়ৰ সূত্ৰে তাত থাকে, তেওঁলোক এই নতুন কৰ কাঠামোৰ আওতাত পৰিব। বিলত প্ৰস্তাৱ কৰা হৈছে যে আমেৰিকাৰ নাগৰিক নোহোৱা ব্যক্তিয়ে আমেৰিকাত উপাৰ্জিত ধন নিজৰ দেশলৈ পঠিয়ালে তাৰ ওপৰত ৫ শতাংশ কৰ দিব লাগিব। কৰৰ ক্ষেত্ৰত কোনো সীমাৰ কথা উল্লেখ কৰা নাই। অৰ্থাৎ যিকোনো পৰিমাণৰ ধন পঠিয়ালেও কৰ দিব লাগিব। কিন্তু আমেৰিকাৰ নাগৰিকৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহ’ব।

যদি এই নতুন বিল আইনত পৰিণত হয়, তেন্তে আমেৰিকাত বসবাস কৰা প্ৰায় ৪৫ লাখ ভাৰতীয় আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে, য’ত প্ৰায় ৩২ লাখ ভাৰতীয় বংশোদ্ভূত লোকো আছে। প্ৰস্তাৱিত কৰ কাঠামো কেৱল এটা ক্ষেত্ৰত সীমাবদ্ধ নহয়। বিনিয়োগৰ পৰা আয় বা শ্বেয়াৰ বজাৰৰ আয়ো কৰৰ আওতাত পৰিব। অৰ্থাৎ এই আয়ৰ পৰা পোৱা ধন আমেৰিকাৰ পৰা স্থানান্তৰ কৰিলেও কৰ দিব লাগিব।

মাৰ্চ মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) তথ্য অনুসৰি, ২০২৩-২৪ চনত বিদেশৰ পৰা অহা ১১ হাজাৰ ৮৭০ কোটি ডলাৰৰ এটা ডাঙৰ অংশ আমেৰিকাৰ পৰা আহিছে। আৰবিআইৰ মতে, বিদেশৰ পৰা অহা ধনৰ ২৮ শতাংশ, অৰ্থাৎ ৩ হাজাৰ ২০০ কোটি ডলাৰ আমেৰিকাৰ পৰা ভাৰতলৈ আহিছে।

এই বিলক লৈ ট্ৰাম্পৰ দলৰ মাজতো মতভেদ আছে। শুকুৰবাৰে বিলখনৰ ওপৰত ভোটদানৰ সময়ত ডেম’ক্ৰেটসকলৰ লগতে পাৰ্লিয়ামেণ্টৰ পাঁচজন ৰিপাব্লিকান সদস্যই বিলৰ বিপক্ষত ভোট দিছিল। ফলত বিলখন পাছ হোৱাৰ ক্ষেত্ৰত ট্ৰাম্প চৰকাৰ বিমোৰত খাইছিল। বিলখন আস্থাভোটৰ বাবে পঠিওৱা হৈছিল। তথাপি, মাৰ্কিন হাউছ বাজেট কমিটিয়ে বিলৰ পক্ষত ভোট দিয়াত ট্ৰাম্পৰ কিছু সুবিধা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...