বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ কৰি দিছে। এই পৰিস্থিতিত ‘সমস্যা’ সমাধানৰ বাবে ভাৰতৰ সৈতে আলোচনাৰ বাবে সাজু হোৱাৰ ইংগিত দিছে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰে। বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ প্ৰধান মুহাম্মদ ইউনুছৰ বাণিজ্য উপদেষ্টা শ্বেখ বশিৰউদ্দীনে দেওবাৰে কয়, “ভাৰতৰ এই পদক্ষেপৰ বিষয়ে আমি এতিয়াও আনুষ্ঠানিকভাৱে একো জনা নাই। বিষয়টো জানিব পাৰিলে আমি পদক্ষেপ গ্ৰহণ কৰিম।” লগতে তেওঁ কয়, “যদি কোনো সমস্যাৰ সৃষ্টি হয়, তেন্তে দুয়োপক্ষই আলোচনা কৰি তাক সমাধানৰ চেষ্টা কৰিম।”

ভাৰতৰ বাণিজ্য মন্ত্ৰণালয়ে শনিবাৰে এখন বিবৃতি জাৰি কৰি জনায় যে ভাৰতৰ কোনো স্থলবন্দৰৰ জৰিয়তে বাংলাদেশৰ ৰেডিমেড পোছাক ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব। কেৱল মুম্বাই আৰু কলকাতা বন্দৰৰ জৰিয়তে জলপথেৰে এই পণ্য ভাৰতত প্ৰৱেশ কৰিব পাৰিব। ফল, ফলৰ সোৱাদযুক্ত কাৰ্বনেটেড পানীয়, প্ৰক্ৰিয়াজাত খাদ্য (কেক, চিপছ বা স্নেকছ), তুলা, সুতা, প্লাষ্টিকৰ পণ্য আৰু কাঠৰ আচবাব অসম, মেঘালয়, ত্ৰিপুৰা বা মিজোৰামৰ কোনো স্থলবন্দৰৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব। পশ্চিমবংগৰ চ্যাংৰাবান্ধা আৰু ফুলবাৰীৰ জৰিয়তেও এই পণ্যসমূহৰ প্ৰৱেশৰ অনুমতি নাই। গ্ল’বেল ট্ৰেড ৰিছাৰ্চ ইনিচিয়েটিভৰ (জিটিআৰআই) পৰিসংখ্যা অনুসৰি, এই সকলো পণ্যৰ বাৰ্ষিক আমদানিৰ মুঠ মূল্য ভাৰতীয় মুদ্ৰাত ৬,৫০০ কোটি টকাৰো অধিক।

মাছ, এলপিজি, ভোজ্যতেল, চূণশিলৰ ক্ষেত্ৰত অৱশ্যে স্থলপথৰ বাণিজ্যৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই ভাৰতে। তদুপৰি, ভাৰতৰ জৰিয়তে নেপাল বা ভূটানলৈ বাংলাদেশৰ পণ্যৰ ক্ষেত্ৰতো কোনো নিষেধাজ্ঞা নাই বুলি নতুন দিল্লীয়ে জনাইছে। ভাৰত চৰকাৰৰ নিৰ্দেশিকা মানি এতিয়াৰ পৰা পোছাক, তেল, ফল বা সুতা ভাৰতলৈ ৰপ্তানি কৰিবলৈ হ’লে বাংলাদেশৰ একমাত্ৰ ভৰসা জলপথ। সেই পথ ব্যৱহাৰ কৰা হ’ব। কিন্তু ইয়াৰ ফলত ৰপ্তানিৰ পৰিমাণ কমিবলৈ বাধ্য। ফলত বাংলাদেশে আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...