বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ কৰি দিছে। এই পৰিস্থিতিত ‘সমস্যা’ সমাধানৰ বাবে ভাৰতৰ সৈতে আলোচনাৰ বাবে সাজু হোৱাৰ ইংগিত দিছে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰে। বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ প্ৰধান মুহাম্মদ ইউনুছৰ বাণিজ্য উপদেষ্টা শ্বেখ বশিৰউদ্দীনে দেওবাৰে কয়, “ভাৰতৰ এই পদক্ষেপৰ বিষয়ে আমি এতিয়াও আনুষ্ঠানিকভাৱে একো জনা নাই। বিষয়টো জানিব পাৰিলে আমি পদক্ষেপ গ্ৰহণ কৰিম।” লগতে তেওঁ কয়, “যদি কোনো সমস্যাৰ সৃষ্টি হয়, তেন্তে দুয়োপক্ষই আলোচনা কৰি তাক সমাধানৰ চেষ্টা কৰিম।”

ভাৰতৰ বাণিজ্য মন্ত্ৰণালয়ে শনিবাৰে এখন বিবৃতি জাৰি কৰি জনায় যে ভাৰতৰ কোনো স্থলবন্দৰৰ জৰিয়তে বাংলাদেশৰ ৰেডিমেড পোছাক ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব। কেৱল মুম্বাই আৰু কলকাতা বন্দৰৰ জৰিয়তে জলপথেৰে এই পণ্য ভাৰতত প্ৰৱেশ কৰিব পাৰিব। ফল, ফলৰ সোৱাদযুক্ত কাৰ্বনেটেড পানীয়, প্ৰক্ৰিয়াজাত খাদ্য (কেক, চিপছ বা স্নেকছ), তুলা, সুতা, প্লাষ্টিকৰ পণ্য আৰু কাঠৰ আচবাব অসম, মেঘালয়, ত্ৰিপুৰা বা মিজোৰামৰ কোনো স্থলবন্দৰৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব। পশ্চিমবংগৰ চ্যাংৰাবান্ধা আৰু ফুলবাৰীৰ জৰিয়তেও এই পণ্যসমূহৰ প্ৰৱেশৰ অনুমতি নাই। গ্ল’বেল ট্ৰেড ৰিছাৰ্চ ইনিচিয়েটিভৰ (জিটিআৰআই) পৰিসংখ্যা অনুসৰি, এই সকলো পণ্যৰ বাৰ্ষিক আমদানিৰ মুঠ মূল্য ভাৰতীয় মুদ্ৰাত ৬,৫০০ কোটি টকাৰো অধিক।

মাছ, এলপিজি, ভোজ্যতেল, চূণশিলৰ ক্ষেত্ৰত অৱশ্যে স্থলপথৰ বাণিজ্যৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই ভাৰতে। তদুপৰি, ভাৰতৰ জৰিয়তে নেপাল বা ভূটানলৈ বাংলাদেশৰ পণ্যৰ ক্ষেত্ৰতো কোনো নিষেধাজ্ঞা নাই বুলি নতুন দিল্লীয়ে জনাইছে। ভাৰত চৰকাৰৰ নিৰ্দেশিকা মানি এতিয়াৰ পৰা পোছাক, তেল, ফল বা সুতা ভাৰতলৈ ৰপ্তানি কৰিবলৈ হ’লে বাংলাদেশৰ একমাত্ৰ ভৰসা জলপথ। সেই পথ ব্যৱহাৰ কৰা হ’ব। কিন্তু ইয়াৰ ফলত ৰপ্তানিৰ পৰিমাণ কমিবলৈ বাধ্য। ফলত বাংলাদেশে আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...