আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা ইডিৰ অভিযান। ঘৰৰ পৰা উদ্ধাৰ কোটি কোটি টকা! বিগত কেইবছৰমানৰ ভিতৰত এনে দৃশ্য সাধাৰণ লোকে বাৰে বাৰে দেখিছে। ফলত স্বাভাৱিকতে এটা প্ৰশ্ন উত্থাপিত হৈছে। আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে? দেশৰ আয়কৰ আইনে এই বিষয়ে কি কয়?

ঘৰত নগদ ধন ৰখাৰ বিষয়ে বহুতৰে ভুল ধাৰণা আছে। কিন্তু আয়কৰ আইন অনুসৰি, এই বিষয়ত কোনো উচ্চ সীমা নাই। অৰ্থাৎ, এজন ব্যক্তিয়ে যিমান ইচ্ছা ধন নিজৰ কাষত বা ঘৰত ৰাখিব পাৰে। কিন্তু সেই ধনৰ উৎস বৈধ হ’ব লাগিব। সংশ্লিষ্ট ব্যক্তিৰ আয়কৰ ৰিটাৰ্ণৰ তথ্যত এই ধনৰ উল্লেখ থাকিব লাগিব। যদি তেনে নহয়, তেন্তে ঘৰত থকা নগদ ধনক আয় বহিৰ্ভূত বুলি গণ্য কৰিব পাৰে আয়কৰ বিভাগ বা ইডিয়ে।

ভাৰতীয় নাগৰিকৰ লগত থকা নগদ ধনৰ বিষয়টো আয়কৰ আইনৰ ৬৮ৰ পৰা ৬৯বি ধাৰাত ব্যাখ্যা কৰা হৈছে। কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ লগত আয় বহিৰ্ভূত নগদ ধনৰ সন্ধান পোৱা গ’লে চৰকাৰে তৎক্ষণাত জৰিমনা আৰোপ কৰিব পাৰে। এনে ক্ষেত্ৰত আয়কৰ বিষয়াসকলে সেই ব্যক্তিৰ মুঠ আয়ৰ ৭৮ শতাংশ পৰ্যন্ত জৰিমনা আৰোপ কৰাৰ অধিকাৰ ৰাখে। ইয়াৰ উপৰি, সংশ্লিষ্ট বিভাগে তেওঁক গ্ৰেপ্তাৰো কৰিব পাৰে।

আইনগতভাৱে কোনো সৰ্বোচ্চ সীমা নাথাকিলেও, কোনো ব্যক্তিৰ কাষত প্ৰচুৰ পৰিমাণৰ নগদ ধন থাকিলে সন্দেহৰ সৃষ্টি হ’ব পাৰে। সেই ক্ষেত্ৰত ধনৰ উৎস প্ৰমাণ কৰিবলৈ তেওঁক প্ৰয়োজনীয় নথিপত্ৰ লগত ৰাখিব লাগিব। এই নথিপত্ৰৰ ভিতৰত আয়কৰ ৰিটাৰ্ণৰ উপৰি ব্যৱসায়িক হিচাপ, শ্বেয়াৰৰ পৰা আয় বা অন্যান্য আয় সম্পৰ্কীয় নথিও থাকিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...