কিমান দূৰ আগবাঢ়িছে জোনমণিৰ ৰহস্যজনক মৃত্যুৰ তদন্ত?

ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ
কি জামিনত যাবলৈ দিয়া হ’ল দুৰ্ঘটনাত জড়িত ট্ৰাকচালকক?

জোনমণি ৰাভাৰ মৃত্যুৰ নিকা আৰু স্বচ্ছ তদন্তৰ দাবীত নগাঁৱত অৱস্থান ধৰ্মঘট। ১৪টা জাতীয় সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন। নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলে আৰু আন আৰক্ষী বিষয়া সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰো দাবী উত্থাপন কৰে৷

জোনমণি ৰাভাৰ মৃত্যুক হত্যাকাণ্ডৰ অভিযোগ কৰি ধেমাজিত ৰাভা সংগঠনৰ বিশাল প্ৰতিবাদ ৷ নিখিল ৰাভা ছাত্ৰ সন্থা,নিখিল ৰাভা সাহিত্য সভা আৰু ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ যৌথ উদ্যোগত ধেমাজিৰ ৰাজপথত বিশাল প্ৰতিবাদী সমদল উলিওয়া হয়।

ইফালে জোনমণিৰ দুৰ্ঘটনাৰে সাঙোৰ খোৱা ট্ৰাকচালক সুমিত কুমাৰ জামিন লাভৰ প্ৰসংগত প্ৰথমবাৰলৈ মুখ খুলিলে অধিবক্তাই।

জামিনযোগ্য ধাৰাত ৰুজু হৈছিল গোচৰ
279, 304(A), 427 ধাৰাত ৰুজু গোচৰ
১০,০০০ টকাৰ বণ্ডত জামিন পাইছিল সুমিতে

মুঠতে জোনমণিৰ মৃত্যুক লৈ অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া। আৰক্ষীৰ বিৰুদ্ধে উঠিছে বিভিন্ন অভিযোগ। নকল সোণৰ ব্যৱসায়ীৰ সৈতে আৰক্ষীৰ যোগাযোগৰ গুৰুতৰ অভিযোগ উঠাৰ লগতে জোনমণিৰ মৃত্যুও সাঙোৰ খাইছে। গতিকে ৰাইজে বিচাৰিছে শীঘ্ৰেই সত্য উদ্ঘাটন হওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...