কিমান দূৰ আগবাঢ়িছে জোনমণিৰ ৰহস্যজনক মৃত্যুৰ তদন্ত?

ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ
কি জামিনত যাবলৈ দিয়া হ’ল দুৰ্ঘটনাত জড়িত ট্ৰাকচালকক?

জোনমণি ৰাভাৰ মৃত্যুৰ নিকা আৰু স্বচ্ছ তদন্তৰ দাবীত নগাঁৱত অৱস্থান ধৰ্মঘট। ১৪টা জাতীয় সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন। নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলে আৰু আন আৰক্ষী বিষয়া সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰো দাবী উত্থাপন কৰে৷

জোনমণি ৰাভাৰ মৃত্যুক হত্যাকাণ্ডৰ অভিযোগ কৰি ধেমাজিত ৰাভা সংগঠনৰ বিশাল প্ৰতিবাদ ৷ নিখিল ৰাভা ছাত্ৰ সন্থা,নিখিল ৰাভা সাহিত্য সভা আৰু ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ যৌথ উদ্যোগত ধেমাজিৰ ৰাজপথত বিশাল প্ৰতিবাদী সমদল উলিওয়া হয়।

ইফালে জোনমণিৰ দুৰ্ঘটনাৰে সাঙোৰ খোৱা ট্ৰাকচালক সুমিত কুমাৰ জামিন লাভৰ প্ৰসংগত প্ৰথমবাৰলৈ মুখ খুলিলে অধিবক্তাই।

জামিনযোগ্য ধাৰাত ৰুজু হৈছিল গোচৰ
279, 304(A), 427 ধাৰাত ৰুজু গোচৰ
১০,০০০ টকাৰ বণ্ডত জামিন পাইছিল সুমিতে

মুঠতে জোনমণিৰ মৃত্যুক লৈ অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া। আৰক্ষীৰ বিৰুদ্ধে উঠিছে বিভিন্ন অভিযোগ। নকল সোণৰ ব্যৱসায়ীৰ সৈতে আৰক্ষীৰ যোগাযোগৰ গুৰুতৰ অভিযোগ উঠাৰ লগতে জোনমণিৰ মৃত্যুও সাঙোৰ খাইছে। গতিকে ৰাইজে বিচাৰিছে শীঘ্ৰেই সত্য উদ্ঘাটন হওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...