IPLত নিম্ন প্ৰদৰ্শন কৰিও টীম ইণ্ডিয়াত স্থান লাভ কেনেকৈ?

T20 বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা
কেইবাজনো খেলুৱৈৰ দলত স্থানপ্ৰাপ্তিক লৈ বিতৰ্ক
IPLত নিম্ন প্ৰদৰ্শন কৰিও টীম ইণ্ডিয়াত স্থান লাভ কেনেকৈ?
প্ৰশ্ন উত্থাপন কৰিলে কেইবাগৰাকী প্ৰাক্তন খেলুৱৈয়ে

অহা ১ৰ পৰা ২৯ জুনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব T20 বিশ্বকাপ। এই বিশ্বকাপৰ বাবে দল ঘোষণাৰ বুধবাৰ আছিল অন্তিম দিন।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইতিমধ্যে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে।সম্ভাব্য ভাৰতীয় দলত অসম সন্তান ৰিয়ান পৰাগৰ স্থান লাভ সন্দৰ্ভতো চৰ্চা চলিছিল কিন্তু ৰিয়ানে মূল দলটো বাদেই ৰিজাৰ্ভ দলটো স্থান নাপালে। ইফালে টীম ইণ্ডিয়াত কেইজনমান খেলুৱৈৰ অন্তৰ্ভুক্তিক লৈ প্ৰশ্ন উত্থাপন হৈছে।

IPLত দুৰ্বল প্ৰদৰ্শন স্বত্তেও বিশ্বকাপগামী ভাৰতীয় দলৰ অন্তৰ্ভুক্ত হাৰ্ডিক পাণ্ডিয়া
অকল দলভুক্ত হোৱাই নহয় দলৰ অধিনায়কৰূপে নিৰ্বাচিত হৈছে পাণ্ডিয়া
প্ৰশ্ন উঠিছে মহম্মদ ছিৰাজ, যশস্বী জয়ছোৱাল, জাদেজা, অক্ষৰৰ অন্তৰ্ভুক্তিক লৈয়ো
কিয় দলত স্থান লাভ নকৰিলে ফিনিশ্বাৰৰূপে খ্যাত ৰিংকু সিঙে?

IPLত এতিয়ালৈকে বেটিং বা বলিং কতো চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা নাই হাৰ্ডিক পাণ্ডিয়াই। মুঠ ৯ খন খেলত গড়ে ২৪.৬৩ ৰানকৈ ১৯৭ ৰান সংগ্ৰহ হাৰ্ডিকৰ।এই প্ৰদৰ্শন লৈ কেনেকৈ হাৰ্ডিকে স্থান পালে বিশ্বকাপগামী টীম ইণ্ডিয়াত?এই প্রশ্ন উত্থাপন কৰিছে প্ৰাক্তন ক্ৰিকেটাৰদ্বয় ইৰফান পাঠান, লক্ষ্মীৰতন শুক্লাই।লক্ষ্মীৰতন শুক্লাৰ মতে হাৰ্ডিকৰ অন্তৰ্ভুক্তিয়ে ভাৰতীয় দলৰ সম্ভৱনাক ক্ষতি কৰিব।পেচ বলাৰ মহম্মদ ছামীৰ অসুস্থতাৰ বাবে টীম ইণ্ডিয়াত স্থান পালে মহম্মদ ছিৰাজে।কেবল অভিজ্ঞতাৰ জোৰত দলত স্থান পোৱা ছিৰাজৰো এতিয়ালৈকে IPLত প্ৰদৰ্শন শোচনীয়।দূৰন্ত ফৰ্মত থকা স্বত্তেও চেন্নাই ছুপাৰ কিংছৰ অপেনাৰ ঋতুৰাজ গাইকোৱাড দলভুক্ত নহ’ল,অপেনাৰ হিচাপে স্থান পালে যশস্বা জয়ছোৱালে।IPLৰ এখন খেলত এটা শতক কৰাৰ বাদে যশস্বীৰ প্ৰদৰ্শনো উল্লেখযোগ্য নহয়।যশস্বীয়ে ৯ খন খেলত ২৪৯ ৰান কৰাৰ বিপৰীতে গাইকোৱাদে এতিয়ালৈকে কৰিছে ৪৪৭ ৰান।ঠিক সেইদৰে দলভুক্ত হোৱা আন ২ ক্ৰিকেটাৰ ৰৱীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেলৰো IPLৰ প্ৰদৰ্শন সন্তোষজনক নহয়।ইয়াৰ বিপৰীতে ফিনিশ্বাৰৰূপে সুখ্যাতি অৰ্জা ৰিংকু সিঙক ৰখা হ’ল ৰিজাৰ্ভ খেলুৱৈ হিচাপে। এই প্ৰসংগতো বহু ক্ৰিকেট সমালোচকে প্ৰশ্ন উত্থাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...