গৰমে দহিছে পাকিস্তান, জীৱনযাত্রা হৈ পৰিছে অসহনীয়!

প্রায় সমগ্র ভাৰতীয় উপ মহাদেশত অব্যাহত আছে প্রচণ্ড গ্রীষ্ম প্রবাহ। বিগত প্রায় ৬ সপ্তাহ ধৰি চলি থকা এই গ্রীষ্ম প্রবাহৰ পৰা পৰিত্রাণ পোৱাৰ কোনো লক্ষণ এইপৰ্যন্ত দৃশ্যমান হোৱা নাই। আনকি গৰমৰ প্রকোপত যান–বাহনৰ ওপৰত ঘাঁহ–বন জাপি লোৱাৰ নিচিনা ব্যৱস্থা গ্রহণ কৰিবলৈকো বাধ্য হৈছে চালকে। পূৰ্বোত্তৰক বাদ দি দেশৰ প্রতিখন নগৰ-মহানগৰৰে তাপমাত্রা প্রায় ৫০ ডিগ্রী ছেলচিয়াছৰ ওচৰত আছে। একেদৰে গৰমে দহিছে চুবুৰীয়া পাকিস্তানকো। অনুন্নত সেই দেশখনৰ অৱস্থা ভাৰততকৈও অধিক শোচনীয় হৈ পৰিছে। জীৱনযাত্রা হৈ পৰিছে অসহনীয়। উল্লেখ্য যে, এইবাৰৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ উত্তাপে অভিলেখ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...