ইৰাণ-চীনৰ নতুন বন্ধুত্বই উদ্ধিগ্নতাৰ সৃষ্টি হৈছে নতুন দিল্লীত!

অচিন্ত্য শৰ্মা


চলিত ৰুছ ইউক্ৰেইন যুদ্ধই বহুক্ষেত্ৰত ভাঙি চুৰমাৰ কৰি দিছে সাম্প্ৰতিক বিশ্ব শৃংখলা । মিত্ৰ শত্ৰু হৈছে ,পুৰণি শত্ৰু পৰিণত হৈছে পৰম মিত্ৰতা। নতুন বিশ্ব শৃংখলা গঢ়ি উঠাৰ এই নতুন পৰিৱেশৰ মাজতে ক্ৰমাৎ ওচৰ চাপি আহিছে এছিয়া মহাদেশৰ দুই শক্তিশালী ৰাষ্ট্ৰ চীন আৰু ইৰাণ,যিটো নতুন দিল্লীৰ বাবে পৰিগণিত হৈছে এক অশনি সংকেত হিচাপে।
উল্লেখ্য যে চীন আৰু ইৰাণৰ মাজত ঘনিষ্ঠতা বৃদ্ধিৰ নব্য প্ৰয়াসৰ অংশ হিচাপে চীনা বিদেশ মন্ত্ৰী ৱেই ফেংঘেই অলপতে টেইৰান ভ্ৰমন কৰি গৈছে । এই ভ্ৰমন কালতে অগ্ৰাধিকাৰ লাভ কৰে উভয় দেশে নতুন এক ২৫বছৰিয়া দ্বিপাক্ষিক চুক্তিত আৱদ্ধ হোৱা বিষয়টোয়ে । যদিহে এনে এক সম্পৰ্ক বাস্তবায়িত হয়, তেনেহ’লে চীন আৰু ইৰাণ পৰস্পৰে পৰস্পৰৰ বাবে হৈ উঠিব অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগী ।
পিছে দেশ দুখনৰ মাজত কিয় এই আকস্মিক মধুচক্ৰিকা ? অৱশ্যে কেতিয়াও শত্ৰু ৰাষ্ট্ৰ নাছিল । দুয়োখন ৰাষ্ট্ৰই দীৰ্ঘদিন ধৰি সুসম্পৰ্ক ৰক্ষা কৰি আহিছে ৰুছিয়াৰ সৈতে ,অৰ্থাৎ টেইৰাং আৰু বেইজিং কাৰ্যত:একেটা মস্কো শিবিৰৰে অন্তৰ্ভূক্ত। তদুপৰি আমেৰিকাৰ লগত আছে দুয়োখন ৰাষ্ট্ৰৰে ঘোৰ সত্ৰুতা ।এনে অবস্থাত চীন ইৰানৰ বন্ধুত্ব স্বাভাবিক তথা প্ৰত্যাশিত যদিও ৰাষ্ট্ৰ দুয়োখনক অধিক ওচৰ চপাই আনিছে শেহতীয়া ৰুছ-ইউক্ৰেইন যুদ্ধই। কাৰণ এই যুদ্ধই ৰুছিয়াৰ ভৱিষ্যত এক প্ৰকাৰৰ অনিশ্চিত কৰি পেলাইছে । তদুপৰি দুয়োখনে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মস্কো মহল বাধ্য হৈছে অধিক ইউৰোপমুখী বা অধিক পশ্চিমমুখী হ’বলৈ । যাৰ বাবে এছিয়াত নতুন ৰণকৌশলগত শৃংখলা গঢ়িবলৈ তৎপৰ হৈ উঠাৰ লগতে ওচৰ চাপি আহিছে চীন আৰু ইৰাণ। পিছে ইয়াৰ বাবে ভাৰতৰ বিপদ কোন খিনিত? বিপদ আছে ,নিশ্চিত ভাৱে ভাৰতৰ বাবে বিপদজনক চীন আৰু ইৰাণৰ বৰ্দ্ধিত ঘনিষ্ঠতা ।কাৰণ এই বৰ্দ্ধিত ঘনিষ্ঠতাই ইৰাণৰ ওপৰত চীনৰ প্ৰভাৱ বঢ়াব আৰু পৰিণতিত বিঘ্নিত হ’ব সমগ্ৰ অঞ্চলটোৰে ভূ-ৰাজনৈতিক সন্তুলনৰ ।

অতি তাৎপৰ্যপূৰ্ণভাৱে ছিয়া মুছলিম অধুষিত অঞ্চল ইৰাণ ভাৰতৰ পৰম মিত্ৰ আৰু চুল্লী মুছলিম অধুষিত পাকিস্তানৰ চৰম শত্ৰু। প্ৰয়োজনবোধে সামৰিক বিমান ঘাটি ব্যৱহাৰ কৰিব পৰা কৈ ইৰাণী বায়ু সেনাৰ লগত ভাৰতীয় বায়ুসেনাৰ আছে বিশেষ বুজাবুজি। ছাবাহাৰ বন্দৰৰ নিচিনা প্ৰকল্পত ভাৰতে বিনিয়োগ কৰিছে বৃহৎ পৰিমাণৰ ধন। এনে প্ৰেক্ষাপটতে এতিয়া ভাৰতৰ চিৰ শত্ৰু ,আগ্ৰাসী চীন ,ইৰাণৰ ওচৰ চাপি আহাৰ লগে লগে উদ্বিগ্ন হৈ উঠিছে নতুন দিল্লী। সন্দেহাহীতভাবে ,যদিহে ইৰাণত চীনৰ প্ৰভাৱ ৰোধ কৰিব পৰা নাযায় ,তেনেহ’লে সমগ্ৰো মধ্যপ্ৰাচ্যতে বিঘ্নিত হ’ব ভাৰতৰ অৰ্থনৈতিক ,সামৰিক আৰু ৰাজনৈতিক স্বাৰ্থ সেয়ে এতিয়া মোদী চৰকাকৰে উক্ত প্ৰাত্যাহ্বানৰ কেনেদৰে মোকাবিলা কৰে সেয়াহে হ’ব লক্ষনীয়।

ইপালে ইৰাণ আৰু চীনৰ ক্ৰমঘনিষ্ঠ সম্পৰ্কই অকল ভাৰতকে নহয় ,উদ্ধিগ্ন কৰি তুলিছে পশ্চম এছিয়াৰ ক্ষুদ্ৰ ইহুদী ৰাষ্ট্ৰ ইজৰাইলকো। কিয়নো বিশাল এই ইছলামিক বিশ্বৰ মাজত নিৰন্তৰ যুঁজি-যুঁজি অস্তিত্ব বৰ্তাই ৰখা ইজৰাইলৰ প্ৰধান শত্ৰু হৈছে এইখন ইৰাণ,যিখন ইৰাণে ইজৰাইল ৰাষ্ট্ৰখনৰ অস্তিত্বৰ নায্যতাকে স্বীকাৰ নকৰে আৰু পৃথিৱীৰ মানচিত্ৰৰ পৰাই ইজৰাইলক মচি দিব খোজে। এনে এখন ইৰাণ এতিয়া যদি চীনৰ সহযোগত অধিক শক্তিশালী হৈ উঠে , বিশেষ কৈ যদি দেশখনে গোপনে পাৰমানৱিক অস্ত্ৰৰ অধিকাৰী হ’বলৈ সক্ষম হয়,তেনেহ’লে সেয়া ইজৰাইলৰ বাবে হ’ব বাস্তৱিক ভয়ংকৰ মৰণ। সেয়ে ইৰাণ-চীনৰ নতুন বন্ধুত্বই এতিয়া নতুন দিল্লীৰ লগতে উদ্ধিগ্নতাৰ সৃষ্টি কৰিছে আভিভতো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...