দিছপুৰ কলেজৰ একাউণ্টৰ পৰা কেনেকৈ নোহোৱা হ’ল ৭৬ লাখ টকা?

সাৱধান! চাইবাৰ প্ৰবঞ্চকৰ কৱলত আপুনিও পৰিব পাৰে। দিছপুৰ কলেজৰ একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন হৰলুকী। কলেজৰ একাউণ্টৰ পৰা হৰলুকী হ’ল ৭৬ লাখ টকা। চাইবাৰ প্ৰবঞ্চকে কৌশলেৰে ধন হৰলুকী কৰাৰ অভিযোগ। বেংক অৱ বৰোদাৰ দিছপুৰ শাখাত আছে কলেজৰ একাউণ্ট। কলকাতাৰ ইউনিয়নলৈ বেংকলৈ ট্ৰান্সফাৰ হৈছে ধনখিনি। ইতিমধ্যে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই। অৱশ্য়ে এই সন্দৰ্ভত কোনো লোকক এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে। ২ মে’ত সংঘটিত এই ঘটনাই দিছপুৰ মহাবিদ্যালয়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ বেলতলাত উদ্বোধন পিকলবল খেলৰ অত্যাধুনিক কৰ্ট

বিশ্বত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰা পিকলবল খেলৰ এখন কৰ্ট...

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট। একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণত...

টীয়কত দুৰ্ঘটনাত পতিত হুঁচৰি দল, আহত প্ৰায় ১০ বিহুৱা-বিহুৱতী

নিশা টীয়কৰ ভগামুখত দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা মেজিক।...

আগন্তুক তিনিঘণ্টাত বতৰে ল’ব কালৰূপ!

প্ৰয়োজন নহ'লে নোলাব ঘৰৰ পৰা। আগন্তুক তিনিঘণ্টাত বতৰে ল'ব...