ৰাজ্যত পুনৰ বুকু কঁপাই যোৱা জঘন্য ঘটনা

ৰাজ্যত পুনৰ সংঘটিত হৈছে বুকু কঁপাই যোৱা জঘন্য ঘটনা। পুত্ৰৰ হাতত প্ৰাণ গ’ল জন্মদাত্ৰী মাতৃৰ। পুত্ৰই নিজ হাতেৰে জীৱন্তে জ্বলাই দিলে মাতৃক। আমগুৰিৰ ৰজাবাম ডিব্ৰুৱালত সংঘটিত হৈছে এই নৃশংস কাণ্ড। পাষাণ পুত্ৰৰ নাম মানস গগৈ। নৃশংসতাৰ বলি হ’ল মাতৃ বীণা গগৈ। ৬০ বছৰীয়া মাতৃক চোতালতে খৰি জাপি জ্বলাই দিলে পুত্ৰই। শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা। ইতিমধ্যে আমগুৰি আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পুত্ৰ মানস গগৈক। দীৰ্ঘদিন ধৰি কুলাংগাৰ পুত্ৰই মাতৃক শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল। অত্যধিক মদ্যপান কৰি মাতৃক চলাইছিল নিৰ্যাতন। এই ঘটনাৰ পিছতে স্থানীয় লোকে আমগুৰি আৰক্ষীক খবৰ দিয়ে। আমগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী পুত্ৰক আটক কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...