আজি মাতৃ দিৱস

মানুহবোৰ অচিনাকী হোৱাৰ পৰত তেওঁ থাকে। বন্ধু, আত্মীয় সকলোৱে চলনাৰ সাজ পিন্ধাৰ পৰতো তেওঁ থাকে, একেদৰে।
মা, পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰিয় সত্তা। বুকুৱে বুকুৱে বৈ থকা এটি মধুৰ সুৰ মা। মা, যি নোকোকৈয়ে বুজাই যায় বহু কথা। যাৰ পৰশত দিঠক হয় সপোনবোৰ। যি হাজাৰ ধুমুহাৰ মাজতো এজোপা বটবৃক্ষ হৈ আৱৰে আমাক, তেঁৱেইতো মা। সেইবাবেই কোৱা হয়
আইৰ সমান হ’ব কোন নৈৰ সমান বব কোন
মা, য’ত লুকাই থাকে অফুৰন্ত মৰম। যাক এৰি পূৰ্ণ নহয় জীৱন। যিয়ে ওৰেটো জীৱন নীৰৱে কৰি যায় ত্যাগ। সন্তানৰ সুখৰ বাবে যিয়ে পাৰ কৰে কাঁইটীয়া পথ। আজি সেই মাতৃৰেই দিন।
আজি মাতৃ দিৱস
যি নদীৰ দৰে গভীৰ, আকাশৰ দৰে বিশাল আৰু নিশাৰ দৰে নীৰৱ, তেঁৱেইতো মা। আপোনাৰ-মোৰ দুখত যিয়ে টুকে স্বাৰ্থবিহীন চকুলো। যিয়ে জগাই মানুহ হোৱাৰ বাসনা। মা অবিহনে আধৰুৱা আমি। মা মানে যেন ধৈয্য, ত্যাগৰ অন্য এক নাম। সঁচাই মা যে এখনি মৰমৰ নৈ। পৃথিৱীৰ প্ৰতিগৰাকী মাতৃ ভালে থাকক সদায়। এই দিনটোত আমাৰো সেয়াই কামনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...