আজি মাতৃ দিৱস

মানুহবোৰ অচিনাকী হোৱাৰ পৰত তেওঁ থাকে। বন্ধু, আত্মীয় সকলোৱে চলনাৰ সাজ পিন্ধাৰ পৰতো তেওঁ থাকে, একেদৰে।
মা, পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰিয় সত্তা। বুকুৱে বুকুৱে বৈ থকা এটি মধুৰ সুৰ মা। মা, যি নোকোকৈয়ে বুজাই যায় বহু কথা। যাৰ পৰশত দিঠক হয় সপোনবোৰ। যি হাজাৰ ধুমুহাৰ মাজতো এজোপা বটবৃক্ষ হৈ আৱৰে আমাক, তেঁৱেইতো মা। সেইবাবেই কোৱা হয়
আইৰ সমান হ’ব কোন নৈৰ সমান বব কোন
মা, য’ত লুকাই থাকে অফুৰন্ত মৰম। যাক এৰি পূৰ্ণ নহয় জীৱন। যিয়ে ওৰেটো জীৱন নীৰৱে কৰি যায় ত্যাগ। সন্তানৰ সুখৰ বাবে যিয়ে পাৰ কৰে কাঁইটীয়া পথ। আজি সেই মাতৃৰেই দিন।
আজি মাতৃ দিৱস
যি নদীৰ দৰে গভীৰ, আকাশৰ দৰে বিশাল আৰু নিশাৰ দৰে নীৰৱ, তেঁৱেইতো মা। আপোনাৰ-মোৰ দুখত যিয়ে টুকে স্বাৰ্থবিহীন চকুলো। যিয়ে জগাই মানুহ হোৱাৰ বাসনা। মা অবিহনে আধৰুৱা আমি। মা মানে যেন ধৈয্য, ত্যাগৰ অন্য এক নাম। সঁচাই মা যে এখনি মৰমৰ নৈ। পৃথিৱীৰ প্ৰতিগৰাকী মাতৃ ভালে থাকক সদায়। এই দিনটোত আমাৰো সেয়াই কামনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...