পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি গুৱাহাটীৰ জাপৰিগোগত তীব্ৰ উত্তেজনা

পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি গুৱাহাটীৰ জাপৰিগোগত তীব্ৰ উত্তেজনা। পৰকীয়া প্ৰেমিকৰ সৈতে পত্নীক হাতে-লোটে ধৰা পেলালে স্বামীয়ে। তাৰ পাছতেই সৃষ্টি হ’ল হুলস্থুলীয়া পৰিস্থিতি। খবৰ পাই ওলাই আহিল ৰাইজে কৰায়ত্ত কৰি ৰখা প্ৰেমিকৰো পত্নী। তাৰ পাছত দুই-মহিলাৰ সংঘাত। বহুসময়জোৰা এখন নাটক জাপৰিগোগত। আৰক্ষীয়ে উপস্থিত হৈহে নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি।

পত্নীৰ পৰকীয়া প্ৰেমিকৰ পত্নীৰে মাৰপিট
দুই দম্পতীৰ যুঁজক লৈ উত্তাল জাপৰিগোগ
কৃষ্ণনগৰত ঘটা ঘটনা শুনি সকলোৱে বুলিছে কৃষ্ণ কৃষ্ণ
কৌশলেৰে পত্নীৰ কাণ্ড ধৰা পেলালে স্বামীয়ে

কাহিনী শুনক। গুৱাহাটীৰ জাপৰিগোগৰ কৃষ্ণনগৰ হাইস্কুলৰ সমীপৰ এগৰাকী মহিলাৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল ৰোহিত নামৰ এজন যুৱকৰ। ইয়াৰ পূৰ্বে দুই তিনিবাৰ মহিলাগৰাকীৰ স্বামীয়ে গম পাইছিল সেই সম্পৰ্কৰ কথা। ধৰা পেলাইছিল। কিন্তু তেনেকুৱা একো নহয়, মোক বিশ্বাস নকৰা নেকি কান্দি দেখুওৱাত পতিয়ন গৈছিল স্বামী। পুৰুষৰ মন।

স্বামীয়ে পৰ্যটনৰ গাড়ী চলায়
প্ৰায়ে কাজিৰঙা, শ্বিলং, অৰুণাচললৈ ওলাই যায় স্বামী

কষ্ট কৰি পৰিয়াল পোহপাল দিছিল এওঁ। ঘৰত পত্নী-পুত্ৰ আৰু ভাতৃ। পত্নীৰে প্ৰেম সম্পৰ্কীয় বিবাদ আৰম্ভ হৈছিল লকডাউনৰ সময়ত। তেতিয়া বন্ধ হৈ পৰিছিল সকলো। বন্ধ হৈ পৰিছিল এওঁৰ গাড়ীৰ চলাচল। পত্নীয়ে ক’লে তোমাৰ উপাৰ্জন কমিছে। গাড়ীৰ চলাচলো বন্ধ।

গতিকে ময়ো কাম কৰিম
তেতিয়াৰ পৰাই ওলোটা হৈ গ’ল সকলো। সীমাহীন ব্যস্ততা। ব্যস্ততা ইমানেই নিজৰ ঘৰ থকাৰ পাছতো লখৰাত ভাড়াঘৰত থাকিবলৈ ললে মহিলাই। সেই ভাড়াঘৰলৈ প্ৰায়ে আহিছিল এইজন যুৱক। এই যুৱকজন অহাৰ কথা এওঁক প্ৰায়ে জনাইছিল ভাড়াঘৰৰ মালিকে। কিন্তু কেতিয়াও ধৰা পেলাব পৰা নাছিল। চলি আছিল তেনেকৈয়ে। ভাড়াঘৰৰ পৰা নতুনকৈ এইটো ঘৰলৈ আহিল তেওঁলোক। তেতিয়াও মাজে-মাজে আহি থাকে যুৱকজন। খবৰটো এৱোঁ পাই থাকে। সিদ্ধান্ত ল’লে।
ধৰা পেলাম
হাতে-লোটে ধৰা পেলাম
পত্নীক মিছাকৈ ক’লে, ভাড়া পাইছোঁ
মই টাৱাঙলৈ যাম

তেনেকৈয়ে কৈ থাকিল স্বামীয়ে। মহিলাগৰাকীয়েও ফোন কৰি খবৰ লৈ থাকিল। স্বামী টাৱাঙত। পৰকীয়া প্ৰেমিক ঘৰত। দুয়ো একেলগে বিহু চাবলৈ যোৱাৰ কথা। তাৰ পূৰ্বে একেলগে পান কৰিলে সুৰা। ৰোমান্সভৰা সময়। ঘৰৰ ওপৰেদি উঠি ভেন্টিলেচনেৰে সকলো চাই আছিল স্বামীয়ে। তেওঁলোকৰ কথা-বতৰা যেতিয়া এটা পৰ্যায় পালেগৈ ধৰি ল’লে স্বামীয়ে।

কৰায়ত্ত কৰিলে যুৱকজনক। এওঁ মুখ নেদেখুৱায়। ইয়াকে লৈ উত্তেজনা। ধৃত যুৱকজনক চৰ-ঘোচা। খবৰটো শুনি এইবাৰ আহিল পৰকীয়া প্ৰেমিকৰ পত্নী। তাৰ পাছতেই দুই মহিলাৰ ৰণ। টনা-আজোঁৰা। হুলস্থুল। ঘটনাস্থলীত উপস্থিত হল আৰক্ষীও। এওঁৰ পত্নীৰ সৈতে পৰকীয়া প্ৰেম থকা যুৱকৰ পত্নীয়ে প্ৰশ্ন কৰিলে এওঁক আপোনাৰ পত্নীয়ে যে এই কাণ্ড কৰি আছে আপুনি গম নাপালে কিয়। ওলোটাই এওঁৰ প্ৰশ্ন সেইগৰাকী মহিলাক আপোনাৰ স্বামীয়ে কি কৰিছে আপুনি যদি গম পাইছিল বাধা নিদিলে কিয়। তীব্ৰ উত্তেজনা।

এতিয়া এওঁ হিচাপ কৰিছে সকলো।
এওঁৰ আপত্তি কেৱল এটা কথাতেই। এওঁ ভাবিছিলো এওঁৰগৰাকী বেলেগ। বিশ্বাস কৰিছিল। এতিয়া কাণত ধৰি উঠা-বহা কৰিছে নিজেই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...