‘মা, মাটি আৰু মানুহ’ৰ শ্ল’গান দি ক্ষমতালৈ আহিছিল মমতা’

ৰাজ্যই ৰাজ্যই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিভিন্ন দলৰ শীৰ্ষ নেতৃত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহলৈকে, ৰাহুল গান্ধীৰ পৰা প্ৰিয়ংকা গান্ধীলৈকে সকলো ব্যস্ত নিৰ্বাচনী সভাত। বুধবাৰে পশ্চিমবংগৰ হুগলীত এক নিৰ্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণৰ লক্ষ্য কৰি লয় গৃহমন্ত্ৰী অমিত শ্বাহে।

‘মা, মাটি আৰু মানুহ’ৰ শ্ল’গান দি ক্ষমতালৈ আহিছিল মমতা’
‘মুখ্যমন্ত্ৰী হৈয়ে মমতাই পাহৰি গ’ল পূৰ্বৰ সকলো শ্ল’গান’
‘এতিয়া মমতা দিদিৰ মুখত শুনা যায় কেৱল মোল্লা, মাদ্ৰাছা আৰু মাফিয়া’

মুখ্যমন্ত্ৰী মমতাই কেন্দ্ৰৰ পুঁজিক লৈ দুৰ্নীতিত লিপ্ত হোৱা বুলি অভিযোগ কৰি গৃহমন্ত্ৰী শ্বাহে কয় যে, তৃণমূল কংগ্ৰেছ, কংগ্ৰেছসহ আন বিৰোধী দলৰ মূল লক্ষ্য হৈছে ভোট বেংক আৰু তেওঁলোকৰ বাবে ভোটবেংক হৈছে অনুপ্ৰৱেশকাৰীসকল। এই ভোটবেংকৰ ৰাজনীতিৰ বাবেই বিৰোধী দলৰ নেতাসকলে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰিছিল বুলি মন্তব্য কৰে অমিত শ্বাহে। মুখ্যমন্ত্ৰী মমতাক তাচ্ছিল্য কৰি গৃহমন্ত্ৰী শ্বাহে কয় যে– এসময়ত বংগৰ প্ৰখ্যাত চলচিত্ৰ নিৰ্মাতা সত্যজিৎ ৰয়ে ‘হীৰক ৰাজাৰ দেশে’ নামৰ এখন ছবি নিৰ্মাণ কৰিছিল। এতিয়া জীয়াই থকা হ’লে সত্যজিৎ ৰয়ে ‘হীৰক ৰাণী’ নামেৰে আন এখন ছবি নিৰ্মাণ কৰিলেহেঁতেন। মমতা বেনাৰ্জীক এই ‘হীৰক ৰাণী’ বুলি অভিহিত কৰে অমিত শ্বাহে।

আনহাতে ওড়িশাৰ ব’লানগৰীত এক নিৰ্বাচনী সভাত ভাষণ দি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দেশৰ দুখীয়া, দলিত, কৃষক সমাজৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোদী চৰকাৰে আদানি, আম্বানীৰ দৰে মুষ্টিমেয় কোটিপতিৰহে সেৱা কৰি অহা বুলি মন্তব্য কৰে ৰাহুলে।

ইপিনে, মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও। উত্তৰ প্ৰদেশৰ ৰায়বেৰেলিত নিৰ্বাচনী সভাত ভাষণ দি প্ৰিয়ংকাই কয় যে– মোদী চৰকাৰে দেশত কৰ্মসংস্থাপন সৃষ্টিৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত হৈ পৰে মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰত। ভোটাৰক আকৃষ্ট কৰিবলৈ মোদীয়ে মুম্বাইৰ ঘাটকোপাৰ অঞ্চলৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

9 COMMENTS

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...