অসমৰ ৩ মাছ ব্যৱসায়ীক ঘপিয়ালে অৰুণাচলী দুৰ্বৃত্তই, নাৰায়ণপুৰত ভয়ংকৰ ঘটনা

লখিমপুৰৰ বান্দৰদেৱাত অৰুণাচলীৰ তাণ্ডৱ। মাছ ক্ৰয় কৰিবলৈ আহি মৎস্য ব্যৱসায়ীক উপৰ্যুপৰি ঘপিয়ালে চোকা অস্ত্ৰৰে। অতি সংকটজনক অৱস্থাত অৰুণ হাজৰিকা নামৰ এজন লোকক চিকিৎসালয়ত ভৰ্তি। গুৰুতৰভাবে আহত ৰাজু দাস আৰু উৎপল দাসকো চিকিৎসালয়ত ভৰ্তি। ঘটনাৰ পিছতে স্থানীয় শতাধিক ব্যৱসায়ী ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। অসমৰ মাটিৰে অৰুণাচলৰ যান-বাহন চলাচল বন্ধ কৰি পথ অৱৰোধ প্ৰতিবাদকাৰীৰ। অৰুণাচলৰ CRPFয়ে প্ৰতিবাদকাৰীক লাঠি চাৰ্জ কৰাত অধিক অৱনতি ঘটে পৰিস্থিতিৰ। পৰৱ্তী সময়ত অসম আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। অৰুণাচল আৰক্ষীয়ে আটক কৰে অভিযুক্ত পাছাং ন্যিয়াক। উল্লেখ্য যে প্ৰায় ৬মাহ পূৰ্বেও এজন লোকক একেস্থানতেই একেদৰে আক্ৰমণ কৰাৰ অভিযোগ পাছাং ন্যিয়াৰ বিৰুদ্ধে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ফিফা বিশ্বকাপত ভাৰত কিয় নাই? ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীয়ে কি কয়?

চলি আছে ২০২৬ৰ ফিফা বিশ্বকাপ। আলজেৰিয়াৰ বিৰুদ্ধে লিয়'নেল মেচিৰ...

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...

জ্ঞান অন্বেষণ আৰু বিস্তাৰৰ নতুন যাত্ৰা: নতুন ডিজিটেল প্লেটফৰ্ম ‘স্বৰাজ দৰ্পণ’ কি?

অসমৰ বৌদ্ধিক আৰু ডিজিটেল জগতত নতুন ইতিবাচক অধ্যায়ৰ সূচনা...