গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতালৈ হেমন্ত শৰ্মাৰ ছবি ‘টু-লেট্‌’

সংবাদজগতত এটি পৰিচিত নাম হেমন্ত শৰ্মাই নিৰ্মাণ কৰা চুটি ছবি ‘টু-লেট’লৈ সুখবৰ৷ চলিত বৰ্ষৰ ‘গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা’লৈ নিবাৰ্চিত হৈছে সাম্প্ৰতিক সময়ৰ এক ছিৰিয়াছ বিষয় লৈ নিৰ্মাণ কৰা ‘টু লেট্‌’ নামৰ ছুটি ছবিখনি৷ সমগ্ৰ বিশ্বৰ সৰ্বমুঠ ৩২০ খন চুটি ছবিৰ ভিতৰত ‘টু লেট্‌’ ছবিখনি প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে৷

উল্লেখ্য যে কেবাবছৰ পূৰ্বে নিৰ্মাণ কৰা ছবিখনি কাৰিকৰী বিজুতিৰ বাবে হেৰাই যোৱাৰ উপক্ৰম হৈছিল যদিও শেহতীয়াকৈ ছবিখনি ঘূৰাই পায় আৰু বিভিন্ন চলচ্চিত্ৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰে৷ সাংবাদিকতা তথা চলচ্চিত্ৰ সমালোচনাৰ বাবে ইতিপূৰ্বে কেবাটাও বঁটা তথা সন্মানেৰে সন্মানিত সাংবাদিকগৰাকীয়ে নিৰ্মাণ কৰা ‘টু লেট্‌’ৰ মূল বিষয়বস্তু ধৰ্মনিৰপেক্ষতা৷ ছবিখনিৰ বিষয়বস্তু সন্দৰ্ভত হেমন্ত শৰ্মাই জনায় এনেদৰে – ‘এটা সৰু তথা অতি সাধাৰণ ঘটনাৰ আলমত ছবিখনিৰ কাহিনীভাগ ৰচনা কৰা হৈছে৷ আমি সকলোৱে এখন ধৰ্মনিৰপেক্ষ দেশত বসবাস কৰি আছো৷ কিন্তু এই ধৰ্মনিৰপেক্ষতা বোলা শব্দটো কিমান দূৰলৈ শিপাইছে? কিমানে মন-মগজুত ধৰি ৰাখিছে?

কিমানে এই শব্দটো বুজি পায়? কিমানে ধৰ্মনিৰপেক্ষতাৰ ভাবাৰ্থ বুজি পায়? কিমানে ধৰ্মনিৰপেক্ষতাৰ মোল বুজি জীৱন নিৰ্বাহ কৰিছে? দৰাচলতে অদ্যপি এই ‘ধৰ্মনিৰপেক্ষতা’ বোলা শব্দটো এটা শব্দহে হৈ আছে৷ তই হিন্দু, মই মুছলমান, তই খ্ৰীষ্টান এইবোৰ কৰি কৰিয়েইচোন দেশখন জ্বলিয়েই আছে৷ মহামানৱ মহাত্মা গান্ধীয়ে দেখা সপোনৰ দেশখনত, শংকৰ-আজানে একতাৰ দোলেৰে বন্ধা ৰাজ্যখনত প্ৰকৃতপক্ষত কি ঘটি আছে সেয়া সকলোৰে জ্ঞাত৷ এজন মুছলমান যুৱ সাংবাদিকে এই ঘটনাৰাজিৰ বলি হৈ কি পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হ’ল তাকেই অতি কম সময়ৰ ভিতৰত ছবিখনিৰ জৰিয়তে দেখুৱাবলৈ বিচৰা হৈছে৷’ আনহাতে, ছবিখনিৰ কাহিনী-চিত্ৰনাট্য-সাংলাপ তথা পৰিচালনা কৰিছে হেমন্ত শৰ্মাই৷ ফ’কাছ মিডিয়াৰ বেনাৰত ‘টু লেট্‌’ ছবিখনি প্ৰযোজনা কৰিছে উদ্যমী যুৱক তথা অসমীয়া গহণা-গাঁঠৰিৰ প্ৰতিষ্ঠান ‘ডুগডুগী’ৰ স্বত্বাধিকাৰী উৎপল বণিয়াই৷ চিনেমাটোগ্ৰাফী দ্বীপকমল গগৈৰ৷ সংগীত পৰিচালক সুদীপ্ত নয়ন৷ সম্পাদনা কৰিছে মানস প্ৰতীমে৷ ‘টু লেট্‌’ত অভিনয় কৰিছে– কুলেন্দ্ৰ ৰায় চৌধুৰী, নৱ মহন্ত, প্ৰতিমা শৰ্মা আৰু মীনাক্ষী দেৱীয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...