এইবাৰ ক্ৰিকেট দলৰ স্বত্বাধিকাৰী হিচাপে দায়িত্ব ল’লে ছাৰা তেণ্ডুলকাৰে

কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰা তেণ্ডুলকাৰে এতিয়া উদ্যোগী হিচাপে ক্ৰিকেটৰ ডিজিটেল জগতত প্ৰৱেশ কৰিছে। তেওঁ গ্ল’বেল ই-ক্ৰিকেট প্ৰিমিয়াৰ লীগ (GEPL)ৰ আগন্তুক ছিজনৰ বাবে মুম্বাই ফ্ৰেঞ্চাইজি ক্ৰয় কৰিছে ছাৰাই।

মুম্বাইত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ছাৰাৰ চহৰখনৰ সৈতে গভীৰ সম্পৰ্ক আছে আৰু তেওঁ ক্ৰিকেটৰো এগৰাকী ডাঙৰ অনুৰাগী। তেওঁৰ এই সিদ্ধান্ত তেওঁৰ ব্যক্তিগত লক্ষ্য আৰু ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমৰ সৈতে সংপৃক্ত।

পিতৃ শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ এজন মহান খেলুৱৈ হোৱাৰ বাবে, ছাৰাৰ ই-ক্ৰিকেটৰ জগতত প্ৰৱেশে এই লীগৰ জনপ্ৰিয়তা আৰু বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

জেটচিন্থেচিছৰ মুখ্য কাৰ্যবাহী ৰাজন নৱানীয়ে কয়, “ছাৰা তেণ্ডুলকাৰক মুম্বাই দলৰ ফ্ৰেঞ্চাইজিৰ স্বতাধিকাৰী হিচাপে পাই আমি সঁচাকৈয়ে আনন্দিত। তেওঁ ভাৰতৰ নতুন প্ৰজন্মৰ বাবে প্ৰভাৱশালী ব্যক্তিৰ এক প্ৰতীক, যিটো দেশৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ। তেওঁৰ খেল আৰু ই-স্প’ৰ্টছৰ প্ৰতি থকা আগ্ৰহ আৰু জনপ্ৰিয়তাই তেওঁক আমাৰ লক্ষ্যৰ সৈতে জড়িত কৰি তুলিছে।”

গ্ল’বেল ই-ক্ৰিকেট প্ৰিমিয়াৰ লীগ কি?

GEPL ২০২৪ চনত আৰম্ভ হৈছিল, প্ৰথম ছিজনো একে চনতেই অনুষ্ঠিত হৈছিল। ৩.০৫ কোটি টকাৰ পুৰস্কাৰৰ সৈতে, এই লীগত শ্ৰেষ্ঠ খেলুৱৈসকলে প্ৰতিযোগিতা কৰে। ১৫ সপ্তাহৰ তীব্ৰ খেলৰ পিছত, দলসমূহে অফলাইন মেচত মুখামুখি হ’ব, আৰু শেষত ২০২৫ৰ মে’ত ফাইনেলৰ জৰিয়তে সমাপ্ত হ’ব। খেলুৱৈসকলে ‘ৰিয়েল ক্ৰিকেট ২৪’ত খেলিব, যিটো এটা বাস্তৱসন্মত আৰু কৌশলগত গেম। এই লীগে ই-স্প’ৰ্টছৰ সীমা বঢ়াই প্ৰতিযোগিতামূলক গেমিঙৰ জগতত নিজৰ স্থান মজবুত কৰাৰ লক্ষ্য ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...