ভাৰতৰ বিৰুদ্ধে ২৬ শতাংশ শুল্ক আৰোপ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

পুনৰ বিশ্বজুৰি শুল্ক যুদ্ধ ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। বিশ্বৰ বিভিন্ন দেশৰ পৰা আমদানিকৃত পণ্য সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপৰ ঘোষণা কৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে। ২ এপ্ৰিলক আমেৰিকাৰ ‘মুক্তি দিৱস’ ৰূপে ঘোষণা কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে পুনৰ আৰম্ভ কৰে এই শুল্ক যুদ্ধ। ট্ৰাম্পৰ প্ৰশাসনৰ এই ঘোষণাক লৈ ইতিমধ্যে আৰম্ভ হৈছে বিশ্বজোৰা প্ৰতিক্ৰিয়া। বিশ্বৰ অধিকাংশ দেশে অসন্তুষ্টি প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে যুদ্ধৰ বাবে সাজু আছে বুলিও মন্তব্য কৰে।

বুধবাৰে নিশা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ‘শুল্ক বোমা’
ভাৰতসহ বিভিন্ন দেশৰ ওপৰত নতুন শুল্ক
ভাৰতৰ বিৰুদ্ধে ২৬ শতাংশ শুল্ক আৰোপ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ
চীন-ব্ৰিটেইনসহ কেইবাখনো দেশৰ বিৰুদ্ধে শুল্কৰ হাৰ বৃদ্ধি
২ এপ্ৰিলক আমেৰিকাৰ ‘মুক্তি দিৱস’ ঘোষণা ট্ৰাম্পৰ
তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব ট্ৰাম্পৰ এই নতুন শুল্ক

পূৰ্বৰে পৰা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰি আহিছিল এই কথা। এইবাৰ কাৰ্যকৰী কৰিবলৈ সাজু হৈছে ৰাষ্ট্ৰপতি ট্ৰাম্প। ২ এপ্ৰিলক আমেৰিকাৰ ‘মুক্তি দিৱস’ ৰূপে ঘোষণা কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতসহ বিশ্বৰ বিভিন্ন দেশৰ পৰা আমদানিকৃত পণ্য সামগ্ৰীৰ ক্ষেত্ৰত ব্যাপক হাৰত শুল্ক আৰোপ কৰিছে। ভাৰতৰ বিৰুদ্ধে ২৬ শতাংশ শুল্ক আৰোপ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় –

‘ভাৰতে যি হাৰত কৰ আৰোপ কৰিছে এয়া তাৰ অৰ্ধেক’
‘ভাৰতক ৰেহাই দি আমি শুল্কৰ হাৰ নিৰ্ধাৰণ কৰিছোঁ’
‘ভাৰতৰ বিৰুদ্ধে ২৬ শতাংশ কৰ আমাৰ বাবে সামান্য’
‘ভাৰতৰ শুল্কৰ পৰিমাণ যথেষ্ট বেছি’
‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মোৰ ভাল বন্ধু’
‘কিন্তু কৰ আৰোপৰ ক্ষেত্ৰত ভাৰতৰ সিদ্ধান্ত সঠিক নহয়’
‘আমাৰ পৰা ভাৰতে ৫২ শতাংশ কৰ আদায় কৰে’
‘আমি ইয়াৰে আধাহে কৰ আৰোপ কৰিছোঁ’

উল্লেখ্য যে বিশ্বৰ অধিকাংশ দেশৰ তুলনাত ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক অধিক সৌহাৰ্দ্যপূৰ্ণ। পূৰ্বেৰে দুয়ো দেশৰ মাজত সম্পৰ্ক সঠিকভাৱে চলি আহিছে যদিও ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে ভাৰতে ধৰি বিশ্বৰ অধিকাংশ দেশৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মাৰ্কিন প্ৰশাসনে। ইয়াৰ অংশস্বৰূপে ভাৰতৰ বিৰুদ্ধেও শুল্কৰ পৰিমাণ বৃদ্ধি কৰে ট্ৰাম্প প্ৰশাসনে। কেৱল ভাৰতে নহয়, বিশ্বৰ অধিকাংশ দেশৰ বিৰুদ্ধে আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত অভাৱনীয় হাৰত কৰ বৃদ্ধিৰ কথা ঘোষণা কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শেহতীয়া ঘোষণা অনুসৰি –

‘চীনৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা হৈছে ৩৪ শতাংশ কৰ’
ইউৰোপিয়ান ইউনিয়নৰ বিৰুদ্ধে আৰোপ ২০ শতাংশ কৰ
ভিয়েটনামৰ বিৰুদ্ধে সৰ্বাধিক ৪৬ শতাংশ কৰ আৰোপ আমেৰিকাৰ
জাপানৰ সামগ্ৰীৰ বিৰুদ্ধে আৰোপ কৰা হৈছে ২৪ শতাংশ কৰ
দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ২৫ শতাংশ কৰ আৰোপ ট্ৰাম্প প্ৰশাসনৰ
ব্ৰিটেইনৰ বিৰুদ্ধে ১০ শতাংশ, থাইলেণ্ডৰ বিৰুদ্ধে ৩৬ শতাংশ কৰ আৰোপ
ছুইজাৰলেণ্ডৰ বিৰুদ্ধে আৰোপ কৰা হৈছে ৩১ শতাংশ কৰ

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই শুল্ক নীতিক লৈ স্বাভাৱিকতে অসন্তুষ্টি প্ৰকাশ কৰিছে বিশঅবৰ অধিকাংশ দেশে। ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে শুল্ক নীতিক লৈ মুখ খুলিছে ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে। বৃহস্পতিবাৰে মন্ত্ৰালয়ে প্ৰকাশ কৰে যে শুল্ক নীতি সম্পৰ্ক আমেৰিকাৰ প্ৰতিটো পদক্ষেপ বিশেষভাৱে পৰ্যালোচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে সকলো উদ্যোগ আৰু ৰপ্তানিকাৰক সংস্থাসমূহৰ সৈতে আলোচনাৰ জৰিয়তে মাৰ্কিন শুল্ক নীতিয়ে সৃষ্টি কৰা পৰিস্থিতিৰ মূল্যায়ন কৰা হ’ব। উল্লেখ্য যে আমেৰিকাৰ এই নতুন শুল্ক নীতিয়ে বিশ্বৰ অধিকাংশ দেশৰ বাবেই ক্ষতিকাৰক ৰূপে বিবেচিত হ’ব। প্ৰতিখন দেশৰে অৰ্থনীতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে বিভিন্ন দেশে।

ট্ৰাম্পৰ এই শুল্ক নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু বহু দেশ
ট্ৰাম্পৰ শুল্ক নীতিক প্ৰত্যাহ্বান জনাব কানাডাই
বাণিজ্য যুদ্ধই কাৰো স্বাৰ্থ পূৰণ নকৰে বুলি মন্তব্য ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ
যিকোনো পৰিস্থিতিৰ বাবে সাজু হোৱাৰ আহ্বান ব্ৰিটেইনৰ
স্পেইন, ছুইডেন, ইটালী, আয়াৰলেণ্ডৰো বিৰোধিতা ট্ৰাম্পৰ শুল্ক নীতিক

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই একপক্ষীয় শুল্ক নীতিয়ে অৰ্থনীতিৰ ক্ষতি কৰাৰ পূৰ্বে বিশ্বৰ অধিকাংশ দেশে একত্ৰিত হৈ ইয়াৰ বিৰোধিতা কৰিবলৈ সাজু হৈছে। ট্ৰাম্প প্ৰশাসনৰ এই শুল্ক যুদ্ধই বিশ্বৰ অন্যান্য দেশৰ লগতে আমেৰিকাৰো ক্ষতি সাধন কৰিব বুলি প্ৰকাশ কৰে বিশ্ব নেতৃত্বই। ট্ৰাম্পৰ এই নতুন শুল্ক নীতিৰ ফলত খাদ্য সামগ্ৰী, বস্ত্ৰ উদ্যোগ, ইলেকট্ৰনিক,যানবাহন, উদ্যোগকে ধৰি বিভিন্ন উদ্যোগ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...