গভীৰ সংকটত প্ৰায় ২৬ হাজাৰ শিক্ষক

গভীৰ সংকটত পশ্চিম বংগৰ প্ৰায় ২৬ হাজাৰ শিক্ষক। শেষমুহূৰ্তলৈকে যোগ্য-অযোগ্য নিৰ্ধাৰণ নোহোৱাত একেলগে ২৬ হাজাৰ শিক্ষকৰ নিযুক্তি বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে। ২০১৬ চনৰ SSCৰ শিক্ষক নিয়োগ কেলেংকাৰিৰ গোচৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে এই ৰায়দান কৰে সৰ্বোচ্চ ন্যায়ালয়ে। অৱশ্যে এই নিয়োগ বাতিল কৰাৰ পিছতো উচ্চতম ন্যায়ালয়ে ৩ মাহৰ ভিতৰত নতুন নিযুক্তিৰ নিৰ্দেশ দিয়ে।

পশ্চিমবংগত ২০১৬ চনত নিযুক্তি লাভ কৰা SSC শিক্ষকৰ চাকৰি সন্দৰ্ভত অৱশেষত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। একেলগে প্ৰায় ২৬ হাজাৰ শিক্ষক আৰু আন কৰ্মচাৰীৰ চাকৰি বাতিলৰ নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে । বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে এই ৰায় দান কৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায় দানৰ পিছতে গভীৰ সংকটৰ সন্মুখীন হয় ইতিমধ্যে নিযুক্তি লাভ কৰা শিক্ষক–কৰ্মচাৰীসকল।

২০১৬ চনৰ শিক্ষক নিযুক্তিৰ সম্পৰ্ণ পেনেল বাতিল
কোনো প্ৰকাৰে যোগ্য–অযোগ্য নিৰ্ধাৰণ কৰাটো সম্ভৱ নহ’ল
সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ভুল আছিল
‘নিযুক্তি প্ৰক্ৰিয়াৰ বিভিন্ন পৰ্যায়ত সংঘটিত হৈছিল দুৰ্নীতি’

ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না নেতৃত্বাধীন বিচাৰপীঠে নিৰ্দেশ দিয়ে যে ১২ শতাংশ সুতসহ দৰমহাৰ ধন ঘূৰাই দিব লাগিব অযোগ্য বিবেচিত শিক্ষক–কৰ্মচাৰীসকলে। অহা ৩ মাহৰ ভিতৰত নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰো নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। ইতিমধ্যে নিযুক্তি বাতিল হোৱা শিক্ষক–কৰ্মচাৰীসকলেও নতুন নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। ইতিমধ্যে বয়সৰ উৰ্ধসীমা অতিক্ৰম কৰা সকলেও বয়স ৰেহাই সুবিধা লাভ কৰিব। ইয়াৰোপৰি এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে যিসকলে পূৰ্বৰ চাকৰি এৰি আহিছিল তেওঁলোকে পুনৰ সেই পদবীলৈ ঘূৰি যোৱাৰ সুযোগ লাভ কৰিব বুলি ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে লগতে প্ৰকাশ কৰে যে SSCৰ ওচৰত নিযুক্তি পৰীক্ষাৰ OMR শ্বীট মজুত নথকাৰ বাবে যোগ্য–অযোগ্য বিচাৰ কৰাতো সম্ভৱ হোৱা নাই। নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱাত কলকাতা উচ্চ ন্যায়ালয়ত চলিছিল এই গোচৰ। উচ্চ ন্যায়ালয়ে সমগ্ৰ নিযুক্তি পেনেল বাতিলৰ নিৰ্দেশ দিয়াৰ পিছতে উচ্চতম ন্যায়ালয়ত ইয়াক প্ৰত্যাহ্বান জনাই ৰাজ্য চৰকাৰে। অৱশেষত উচ্চতম ন্যায়ালয়েও কলকাতা উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখি ২৬ শিক্ষকৰ নিযুক্তি বাতিল কৰে। সৰ্বোচ্চ ন্যায়ালয়ে প্ৰকাশ কৰা মতে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া আছিল ভুলেৰে ভৰা। সেয়ে কলকাতা উচ্চ ন্যায়ালয়ৰ ৰায়ত হস্তক্ষেপ নকৰি সমগ্ৰ নিযুক্তিয়েই বাতিল কৰা হ’ল। উল্লেখ্য যে ২০২৪ৰ ২২ এপ্ৰিলত উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল ২০১৬ৰ SSC পেনেল। মন্ত্ৰী সভাৰ বিৰুদ্ধেও CBI তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...