নাগালেণ্ড : উগ্ৰপন্থী সন্দেহত নিৰীহ লোকক হত্যা! তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

নাগালেণ্ডৰ মন জিলাত উত্তপ্ত পৰিস্থিতি। উগ্ৰপন্থীৰ সন্দেহত ১৩জনকৈ নিৰীহ লোকক হত্যা কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জিলাখনত। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ক্ষব্ধ ৰাইজৰ আক্ৰমণত নিহত এজন সেনা জোৱানো। অঞ্চলটোৰ আন কেইবাজনো লোক এতিয়াও সন্ধানহীন হৈ আছে। সন্ধানহীন লোককেইজনৰ শুংসূত্ৰ উলিয়াবলৈ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ল’ৱাৰ তিৰু অঞ্চলৰ পৰা এখন ট্ৰাকেৰে লোককেইজনে উভতি অহাৰ সময়তে অসম ৰাইফলছৰ এটা দলে তেওঁলোকলৈ নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে। তিৰু অঞ্চলৰ এটা কয়লা খনিৰ পৰা উভতি আহিছিল লোককেইজন। অটিংবস্তিত নিৰাপত্তাৰক্ষীয়ে নিশা লোককেইজনক গুলীয়াই হত্যা কৰাৰ পিছতে ৰাইজৰ ৰোষৰ সন্মুখীন হয় নিৰাপত্তাৰক্ষী। ক্ষুব্ধ ৰাইজে অগ্নিসংযোগ কৰে নিৰাপত্তাৰক্ষীৰ কেইবাখনো বাহনত। স্থানীয় লোকে নিৰাপত্তাৰক্ষী বাহিনীৰ কেইবাজনো লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ঘটনাত আহত আন কেইবাজনো সেনা জোৱান।

ইপিনে, এই ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উচ্চ পৰ্যায়ৰ SIT গঠন কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। গৃহমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতে ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে SIT গঠনৰ নিৰ্দেশ দিছে। ঘটনাত জড়িতসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰীজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...