গোহাঁইকমল আলিক বিশেষ অর্থনৈতিক ক’ৰিডৰ হিচাপে নিৰ্মাণৰ সম্ভাৱনীয়তা অধ্যয়নৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ বাবে নির্দেশ দিয়ে। উল্লেখ্য যে লোকনিৰ্মাণ বিভাগৰ নিৰ্মাণ ব্যৱস্থাপনা সামৰ্থ বৃদ্ধিৰ অৰ্থে অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড নামৰ এই প্রতিষ্ঠানটো ২০১৬ চনতে গঠন কৰা হৈছিল। শেহতীয়াকৈ লোকনিৰ্মাণ বিভাগে ৰাজ্যজুৰি পথ যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ বাবে কেইবাখনো ধ্বজাবাহী আঁচনি ৰূপায়ণ কৰি থকাৰ পৰিপ্ৰেক্ষিতত বিভাগটোত এই আঁচনিসমূহৰ সুষম ব্যৱস্থাপনাৰ অৰ্থে অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ লোৱা হৈছে। আজিৰ বৈঠকত মুখ্যমন্ত্ৰী ড° শৰ্মাই দিয়া নির্দেশনা মর্মে এতিয়াৰে এই প্রতিষ্ঠানটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। আজিৰ এই বৈঠকতে মুখ্যমন্ত্ৰী ড° শৰ্মাই উন্নত পথ যোগাযোগ ব্যৱস্থাৰে ৰাজ্যৰ বিভিন্ন স্থান সংযুক্ত কৰি যাতায়াতৰ সময় হ্রাস কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ইয়াৰ আধাৰতে ধুবুৰীৰ পৰা চিলাপথাৰলৈ ৪১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গোহাঁইকমল আলিক বিশেষ অর্থনৈতিক কৰিড’ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনীয়তা অধ্যয়ন কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব ৰাকেশ কেন্দ্রাই আৰু বিশেষ সচিব বিভূতি শ‍ইকীয়াও উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...