ৰাখী বন্ধনৰ আঁৰৰ কাহিনী

হিন্দু ধৰ্মৰ পৌৰাণিক শাস্ত্ৰবোৰতো ‘ৰক্ষা বন্ধন’ সম্পৰ্কীয় বহুতো কাহিনীৰ উল্লেখ আছে। ৰক্ষা বন্ধনৰ লগত জড়িত কেইটামান কাহিনী তলত বৰ্ণনা কৰা হ’ল।

১.
ৰক্ষা বন্ধনৰ উৎপত্তি হৈছিল প্ৰাচীন কালত। এবাৰ দেৱৰাজ ইন্দ্ৰ অসুৰৰ হাতত বেয়াকৈ পৰাস্ত হ’বলগীয়া হৈছিল। তেতিয়া ভগৱান বিষ্ণুৰ পৰামৰ্শ মতে শাওণ মাহৰ পূৰ্ণিমা তিথিত ইন্দ্ৰানীয়ে তেওঁৰ স্বামী ইন্দ্ৰদেৱতাৰ হাতৰ মণিবন্ধনত তেওঁৰ মঙ্গল কামনাৰে এডাল ৰছী বান্ধি দিছিল আৰু সেই সুৰক্ষা বন্ধনী পিন্ধাৰ পিছত দেৱৰাজে অসুৰক জয় কৰি তেওঁৰ অমৰাৱতী ঘূৰাই পাবলৈ সক্ষম হৈছিল।
২.
অন্য এটা কাহিনী মতে, অসুৰবোৰে যুদ্ধত জয় হৈছিল আৰু স্বৰ্গত আধিপত্য কৰিছিল। যাৰ বাবে দেৱৰাজ ইন্দ্ৰ বহুত দুখত আছিল আৰু গুৰু বৃহস্পতিক অভিযোগ দিছিলে, তেতিয়া গুৰুৱে এডাল ৰক্ষা কবচ বনাইছিলে আৰু সুৰক্ষাৰ বাবে ইন্দ্ৰক হাতত পিন্ধিবলৈ কৈছিল।
৩.
এক জনপ্ৰিয় ইতিহাস মতে মকৰ সংক্ৰান্তিত, শিশুপাল বধৰ সময়ত শ্ৰীকৃষ্ণৰ হাতৰ আঙুলিটো সুদৰ্শন চক্ৰত লাগি সামান্য কাটিছিল। সেইসময়ত দ্ৰৌপদীয়ে দেখা পাই নিজে পিন্ধি থকা শাৰীখনৰ এক অংশ কাটি তেজ বৈ থকা কৃষ্ণৰ আঙুলিটোত বান্ধি দিছিল। কৃষ্ণই তাৰ বিনিময়ত দ্ৰৌপদীকো সদায় সুৰক্ষা প্ৰদানৰ প্ৰতিজ্ঞা দিলে। এদিন যেতিয়া কৌৰবৰ সভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ বাবে দ্ৰৌপদীয়ে সহায়হীন হৈ কৃষ্ণক সহায়ৰ বাবে মনত প্ৰাৰ্থনা কৰে। কৃষ্ণৰ আশীৰ্বাদৰ বাবে দ্ৰৌপদীৰ শাৰীখন সিদিনা কোনেও খুলি শেষ কৰিব নোৱাৰিলে।

৪.
ৰাখীয়ে আলেকজেণ্ডাৰ দা গ্ৰেটৰ জীৱন ৰক্ষা কৰিছিল।যেতিয়া তেওঁ ভাৰত আক্ৰমণ কৰিছিল, তেওঁৰ পত্নী ৰোক্চানায়ে সম্ৰাট পূৰুষক ৰাখী পঠিয়াই দিছিলে আৰু তেওঁ শপত খাইছিল তেওঁৰ স্বামী আৰু তেওঁক ৰক্ষা কৰিম বুলি। যুদ্ধক্ষেত্ৰত তেওঁ যেতিয়া আলেকজেণ্ডাৰক হত্যা কৰিবলৈ উদ্যত হৈছিল তেতিয়া তেওঁ ৰাখীডাল দেখিছিল আৰু হত্যাৰ কৰাৰ পৰা বিৰত থাকিছিল।

৫.
পৌৰাণিক শাস্ত্ৰত ভগৱান বিষ্ণু, দেৱী লক্ষ্মী আৰু মহা পৰাক্ৰমী ৰজা বালিৰ সৈতে জড়িত ৰক্ষা বন্ধন সম্পৰ্কীয় আন এটি কাহিনীৰ উল্লেখ আছে।
মহাভক্ত দৈত্যৰাজ বলীয়ে ভগৱান বিষ্ণুক নিজৰ ভক্তিৰে তুষ্ট কৰি তেওঁৰ ৰাজ্য সুতল পুৰত থাকিবলৈ বাধ্য কৰিছিল। বলী ৰজাৰ এই কাৰ্য্যত দেৱী লক্ষ্মীয়ে যথেষ্ট দুখ পালে। অৱশেষত দেৱী লক্ষ্মীয়ে নিজে বলীৰ ওচৰলৈ গৈ ৰাখী স্বৰূপ এক সুতাৰ বলয় বলী ৰজাৰ হাতত পিন্ধাই তেওঁক নিজ ভাতৃ ৰূপে স্বীকাৰ কৰে। প্ৰতু্ত্তৰত দৈত্য ৰজা বলীয়ে দেৱী লক্ষ্মীক উপহাৰ প্ৰদান কৰিবলৈ বিচৰাত দেৱী লক্ষ্মীয়ে উপহাৰ স্বৰূপে নাৰায়ণক বিচাৰিছিল। এনেদৰেই তেওঁ নাৰায়ণক পুনৰ পাবলৈ সক্ষম হৈছিল।

কালক্ৰমত এই ৰক্ষা বন্ধনৰ প্ৰথাটো বায়েক/ভনীয়েকে ভায়েক/ককায়েকক পিন্ধোৱা পৰম্পৰালৈ পৰ্যৱসিত হ’ল। বায়েক/ভনীয়েকে ভায়েক/ককায়েকৰ হাতত ৰাখী বান্ধোতে যিটো মন্ত্ৰ উচ্চাৰণ কৰে, সেই মন্ত্ৰটো এই আখ্যানৰ ওপৰত ভিত্তি কৰিয়েই ৰচিত হৈছে। মন্ত্ৰ বা শ্লোকটো এনেধৰণৰ—

    “য়েনাবদ্ধঃ বালিৰাজা দানৱেন্দ্ৰ মহাবালা।তেনাত্বাম অনুবধনামি ৰক্ষে মা চলা মা চলা।।”

ইয়াৰ অৰ্থ হৈছে – “সকলো দেৱতাৰ অনুৰোধত ভগৱান শ্ৰীবিষ্ণুৱে বালি ৰজাক তেওঁৰ সুৰক্ষা শক্তিৰে বান্ধিছিল। মইও এই বিষ্ণুশক্তিকে এক সুৰক্ষা জৰীৰ আকাৰত তোমাৰ হাতত বান্ধিলোঁ। এই মঙ্গল জৰী সুৰক্ষা কৱচ হিচাপে সদায় যেন তোমাৰ লগত থাকক আৰু চিৰদিন তোমাক শক্তিশালী তথা সম্পদশালী কৰি ৰাখক।”

যুগুতালে ~উৎপল কলিতাই

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...