ছেপ্টেম্বৰৰ পৰা বাঢ়িব বাছ-যাত্ৰীবাহী গাড়ীৰ ভাড়া

এফালে ক’ভিডত পিষ্ট জনতা, আনফালে মূল্যবৃদ্ধিৰ মাধমাৰ। তাৰ মাজতে যাত্ৰীৰ ভাড়াবৃদ্ধিৰ সিদ্ধান্ত লৈছে সদৌ অসম মটৰ পৰিবহণ সন্থাই। ৫০ শতাংশ ভাড়াবৃদ্ধিৰ সিদ্ধান্তত স্বাভাৱিকতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ছেপ্টেম্বৰৰ পৰা বাঢ়িব বাছ, যাত্ৰীবাহী গাড়ীৰ ভাড়া

৫০% ভাড়া বৃদ্ধিৰ সিদ্ধান্ত

এই সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ

এতিয়াও খোলা নাই আন্তঃজিলা যাতায়াতৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা। এক ছেপ্টেম্বৰৰ পৰা খুলি দিয়াৰ সম্ভাৱনা আছে। ছেপ্টেম্বৰত আন্তঃজিলা যাতায়াত খুলিলেই ভাড়াবৃদ্ধি কৰিব সদৌ অসম মটৰ পৰিবহণ সন্থাই। দেওবাৰে তেজপুৰত অনুষ্ঠিত এক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে সন্থাই। সন্থাৰ এই সিদ্ধান্তত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে যাত্ৰী তথা সৰ্বসাধাৰণ লোকে। একাংশৰ মন্তব্য ১৫/২০ শতাংশ বঢ়াওক, ৫০ শতাংশ নহয়। ইফালে নিজৰ সিদ্ধান্তত অটল পৰিবহণ সন্থা। তেওঁলোকৰ যুক্তি ৪ বছৰ পূৰ্বেই যি ভাড়া বঢ়োৱা হৈছিল সেই ভাড়াই আদায় কৰি থকা হৈছে। কিন্তু এই সময়ছোৱাত ৪০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। বৃদ্ধি পাইছে গাড়ীৰ যন্ত্ৰাংশৰ মূল্যও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...